ETV Bharat / state

মৰণফান্দত পৰিণত বঢ়মপুৰ-কলিয়াবৰ সমষ্টি সংযোগী দলং - PWD Bridge

দলং নিৰ্মাণৰ ছমাহ নৌহওতেই নৱ নিৰ্মিত দলঙৰ দুই মূৰ সংযোগী পথৰ বিসংগতি । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগত ঠিকাদাৰৰ মইমতালিৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা ৷

pwd-bridge-connected-road-is-in-worst-condition
মৰণফান্দত পৰিণত বঢ়মপুৰ-কলিয়াবৰ সমষ্টি সংযোগী দলং
author img

By

Published : Aug 31, 2020, 6:22 PM IST

কলিয়াবৰ, 31 আগষ্ট : কলিয়াবৰ আৰু বঢ়মপুৰ বিধান সভা সমষ্টিক সংযোগ কৰা লুঙচুং তিনিআলি-লুংচুং চাহ বাগিচা গড়কাপ্তানী পথৰ লুংচুং চাহ বাগিচাৰ সীমাৰে বৈ অহা পাহাৰীয়া হ্দ-হ্ৰদী নৈত নতুনকৈ নিৰ্মিণ কৰা পকী দলঙৰ দুই মূৰ বহিবলৈ আৰম্ভ কৰিছে ৷ লগতে কংক্ৰীটৰ পথৰ বহু অংশ ফাটিবলৈ ধৰিছে। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত লুংচুং তিনিআলিৰ পৰা লুংচুং চাহ বাগিচালৈ ৪.২৩০ কি: মি: দৈৰ্ঘ‍্যৰ সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য‍ আৰম্ভ হৈছিল ২০১৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে । ৩ কোটি ২৫ লাখ আৰু ৪৮ হাজাৰ টকাৰ ব‍্যয় সাপেক্ষ পথটোৰ নিৰ্মাণ কাৰ্য‍্য যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হয় বুলি চৰকাৰী তথ‍্যত প্ৰকাশ পাইছে । কিন্তু পথটোৰ শেষ সীমাত নিৰ্মিত পকী দলংখনৰ দুই মুৰৰ পথৰ বিধস্ত ৰূপে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

মৰণফান্দত পৰিণত বঢ়মপুৰ-কলিয়াবৰ সমষ্টি সংযোগী দলং

স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে, পল্লৱ কুমাৰ পণ্ডিত নামৰ ঠিকাদাৰজনে নিৰ্মান কৰিছিল পকী দলঙখন । দলংখনৰ ভগ্ন দুই মুৰ আৰু কলিয়াবৰ সমষ্টিৰ দিশে থকা এটা কেকুৰীয়ে ভয়ংকৰ দুৰ্ঘটনাৰ আশঙ্কা কঢ়িয়াই আনিছে বুলি স্থানীয় বাসিন্দাই মন্তব্য প্ৰকাশ কৰিছে ।

সততে ৰাজ‍্যবাসীক দায়িত্বশীল হ'বলৈ সকিয়াই থকা ৰাজ‍্যৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ দায়িত্বত থকা এটা বিভাগৰ ঠিকাদাৰৰ এনে দায়িত্ব জ্ঞানহীনতাৰ দায়িত্ব কোনে ল'ব বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক : পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.