ETV Bharat / state

কদমণিত অসামাজিক কাৰ্যকলাপ ৰোধৰ দাবী ৰাইজৰ - কদমণি

বটদ্ৰৱা আৰক্ষী থানাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ । কদমণিত চলা অ-সামাজিক কাৰ্য ৰোধৰ দাবীত নগাঁৱৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ ৰাইজৰ ।

Public complain to stop illegal activity in batadrava nagaon assam etv bharat news
কদমণিত অসামাজিক কাৰ্যকলাপ ৰোধৰ দাবী ৰাইজৰ
author img

By

Published : Nov 4, 2020, 8:08 PM IST

নগাঁও,4 নৱেম্বৰ: নগাঁৱৰ কদমণি অঞ্চলত আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ দুষ্টচক্ৰই দীৰ্ঘদিনৰ পৰা চলাই আহিছে অসামাজিক কাৰ্যকলাপ ৷ ক্ৰমাৎ বৃদ্ধি পোৱা এই কাৰ্যকলাপ ৰোধৰ উদ্দেশ্যে সচেতন হৈ পৰিছে স্থানীয় লোকসকল ৷ উত্থাপিত অভিযোগ অনুসৰি, উক্ত অঞ্চলৰ এগৰাকী মহিলাই বাসগৃহত মদ, ভাং, জুৱাৰ ঘাটি স্থাপন কৰি চলাই আহিছিল অসামাজিক কাৰ্যকলাপ ৷ স্থানীয় ৰাইজে এই বিষয়ে কেইবাবাৰো আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে গ্ৰহণ কৰা নাছিল কোনো বিহিত ব্যৱস্থা ৷ উপায়ন্তৰ ৰাইজে বুধবাৰে এনে কাৰ্যকলাপ ৰোধৰ দাবীত সাক্ষাৎ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষকক ৷

লগতে চাওকঃ মূল্যবৃদ্ধি ৰোধৰ উদ্দেশ্যে তিতাবৰত চাৰি সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.