নগাওঁ, ১৯ জানুৱাৰী : যোৱা ৬ জানুৱাৰী তাৰিখে ধিঙৰ সোনাৰী গাৱঁত এটা ডকাইতিৰ দলে ৰহস্যজনকভাৱে চোহেইল আহমেদ নামৰ এজন যুৱকক গুলীয়াইছিল । কেইবাদিনো চিকিসাধীন হৈ থকা পিছত সোমবাৰে মৃত্য়ু হয় চোহেইলৰ । তেওঁৰ মৃত্য়ুৰ পিছতে এতিয়া উত্তপ্ত হৈ পৰিছে নগাওঁ জিলাৰ সমগ্ৰ ধিং অঞ্চল । আৰক্ষীয়ে প্ৰায় ১২ দিনৰ পিছতো ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ বিৰুদ্ধে ভিন্ন স্থানত প্ৰতিবাদ কৰিলে একাংশ লোকে । প্ৰথমে বেছামাৰী আৰু তাৰ পিছত ধিং বজাৰৰ মাজমজিয়াত শতাধিক ছাত্ৰ-ছাত্রী আৰু ৰাইজে কেইবাঘণ্টা ধৰি ধিং আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
![সন্মুখত মৃতদেহ লৈ ধিঙত উত্তাল প্ৰতিবাদ ৰাইজৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-03-19-jan-deathbody_19012021170818_1901f_1611056298_90.jpg)
হাজাৰ হাজাৰ লোকৰ সমাগমেৰে প্ৰথমে চোহেইল আহমেদৰ অধ্য়য়নৰত বিদ্যালয়ৰ পৰা বেচামাৰী বজাৰলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মৈৰাবাৰী মূল পথৰ ধিং বজাৰত মৃতদেহ লৈ প্ৰতিবাদী কাৰ্যসূচীৰে মূল পথ বন্ধ কৰি ৰাখে উত্তেজিত ৰাইজে । ধিং আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিবলৈ ব্য়ৰ্থ হোৱাত প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচনা কৰি ১২ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে ।
ইফালে মৃত্যুৰ পূৰ্বে চোহেইেলে দুৰ্বৃত্তৰ নাম ধিং আৰক্ষীৰ আগত প্ৰকাশ কৰাৰ পিছতো কোনো ব্যৱস্থা লোৱা নহ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধিং আৰক্ষীৰ বিৰুদ্ধে । অৱশেষত নগাওঁ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ চোহেইল আহম্মেদৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ আশ্বাস দিয়াৰ পিছতহে পৰিস্থিতি সুস্থিৰ হয় ।
লগতে পঢ়ক : গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বৈঠকঃ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা