চামগুৰি, 28 মে': চাহ বাগিচাত কৰ্মৰত শ্ৰমিক সকলৰ সাপ্তাহিক দৰমহা পোন্ধৰ দিনীয়া কৰিবলৈ বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁও জিলাৰ শালনা চাহ বাগিচাত শ্ৰমিক সকলে ৰূপায়ন কৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৷ অগনন চাহ শ্ৰমিকৰ উপস্থিতিত মালিক পক্ষ হুছিয়াৰ,শোষণ নীতি নচলিব,দালাল নীতি নচলিব, আটছা জিন্দাবাদ আদি ধ্বনিৰে উত্তাল হৈ পৰে চাহ বাগিচাৰ চৌহদ । ক'ভিড প্ৰট'কল ভংগ কৰি এইদৰে প্ৰতিবাদ কৰিবলৈ অগনন শ্ৰমিক ওলাই অহাত এতিয়া শংকিত হৈ পৰিছে সচেতন ৰাইজ ৷
উল্লেখ্য যে, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়ন হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা প্ৰতিবাদকাৰী সকলে কিনকিনীয়া বৰষুণকো আওকাণ কৰি সপ্তাহিক দৰমহা প্ৰাপ্তিৰ দাবী উত্থাপন কৰে ৷
লগতে বাগিচাৰ পৰিচালক, কলিয়াবৰৰ মহকুমাধিপতি, নগাঁৱৰ শ্ৰম আয়ুক্ত আৰু শ্ৰম পৰিদৰ্শকলৈ প্ৰাপ্য অধিকাৰৰ দাবীত স্মাৰক পত্ৰ দাখিল কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃ ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক