নগাঁও, 2 ফেব্ৰুৱাৰী : অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে ক্ষোভ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷
নলবাৰীত দেওবাৰে আয়োজন কৰা এখন দলীয় সভাত অংশগ্ৰহণৰ যোৱা পৰত বিজেপি পতাকা লৈ একাংশ লোকে লুৰিণক আক্ৰমণৰ লক্ষ্য কৰি লোৱা এক অভিযোগ উত্থাপিন হৈছিল ৷
এই অভিযোগৰ ভিত্তিতে আজি নগাঁও জিলা অসম জাতীয় পৰিষদ দলৰ কৰ্মীসকলে এনে ঘটনাৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
আক্ৰমণৰ চেষ্টা চলোৱা অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা দাবী তুলি নগাঁও চহৰৰ মাজেৰে সমদল উলিয়াই প্ৰতিবাদকাৰীয়ে ৷
উল্লেখ্য যে, প্ৰতিবাদৰ সময়ত সাংবাদিকক সম্বোধন কৰি, বিজেপি দলে শংকিত হৈ গুণ্ডাবাহিনী ব্যৱহাৰ কৰা লুৰিণজ্যোতি গগৈক আক্ৰমণৰ চেষ্টা কৰে বুলিও অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।
লগতে পঢ়ক: বিশ্বত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?