নগাঁও, 30 নৱেম্বৰ : ৰাজ্যত বৰ্তমান প্ৰায় সংখ্যক যুৱপ্ৰজন্ম ড্ৰাগছ, জুৱা আৰু সুৰাৰ প্ৰতি আসক্ত হৈছে । ইয়াৰ সমান্তৰালভাৱে দিনক-দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা । নগাঁৱৰ ভকতগাঁৱত দেওবাৰে ড্ৰাগছ, জুৱা আৰু সুৰাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এক বিশাল বাইক ৰেলী উলিওৱা হয় । ভকতগাঁও পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত পঞ্চায়তটোৰ প্ৰতিনিধি, স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰীসকলে চৰকাৰ তথা জিলা প্ৰশাসনক ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিহিত আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে । নগাঁও আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে অবিৰাম অভিযান অব্যাহত ৰাখিছে ৷ জিলাখনৰ বহুকেইটা স্থানত ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে সৰবৰাহৰ লগত জড়িত বহু সংখ্যকক আটকো কৰিছে আৰক্ষীয়ে ৷ কিন্তু তাৰ মাজতো একাংশই আৰক্ষীৰ চকুত ধুলি দি গোপনে চলাই গৈছে ড্ৰাগছৰ বেহা ৷

লগতে পঢ়ক : অসমলৈ অনা হ’ল JEE কাণ্ডৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক