কলিয়াবৰ, 19 জুলাই : কলিয়াবৰত সচেতন নাগৰিক সমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ ভাৰতৰ নিৰ্বাচনী আয়োগৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ শুনানী গ্ৰহণৰ সময়তে সমষ্টিৰ নাম বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ কলিয়াবৰত ৷ প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত কয়, কলিয়াবৰ বুলি ক'লেই মনলৈ আহে 598 বছৰ ৰাজত্ব কৰা আহোম ৰাজ্যৰ ৰণথলী, ল'ৰাৰজাৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ গদাধৰ সিংহৰ আশ্ৰয়স্থল, স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজ অভিষেকস্থলী, বীৰাঙ্গনা মূলা গাভৰুয়ে তুৰ্বকৰে হোৱা ৰণত প্ৰাণ আহুতি দিয়াৰ কথা, 1791-1792 চনত প্ৰথমবাৰলৈ অসমত পদাৰ্পন কৰা ইংৰাজ কেপ্টেইন ওৱেলচৰ শিৱিৰ, অসমৰ স্বাধীনতা বেলি মাৰ যোৱা 1824 চনৰ মাৰ্চৰ ইং-বাৰ্মা যুদ্ধস্থলী ।
পৰৱৰ্তী সময়ত স্বাধীনতা আন্দোলনত গান্ধী-নেহৰুৱে পদাৰ্পন কৰা কলিয়াবৰ । কিন্তু শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা মতে কলিয়াবৰ লোকসভা সমষ্টিৰ পূৰ্বৰ নামৰ বিলুপ্ত কৰি কাজিৰঙা কৰাৰ প্ৰস্তাৱ কৰা হৈছে ।' ভাৰতৰ নিৰ্বাচনী আয়োগৰ উক্ত সিদ্ধান্ত বিৰোধিতা জনায় কলিয়াবৰ সচেতন নাগৰিকৰ দ্বাৰা এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় । 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ নাম কৰ্তন প্ৰস্তাৱৰ বিৰোধিতাৰে প্ৰতিবাদ কলিয়াবৰ সচেতন নাগৰিক সমাজৰ । কলিয়াবৰ মহকুমাৰ সমীপত প্ৰতিবাদ তথা অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সচেতন নাগৰিক সমাজে ।
উল্লেখ্য যে, সমষ্টি নিৰ্দ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা সন্দৰ্ভত ৰাজহুৱা শুনানী গ্ৰহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হৈছে নিৰ্বাচনী আয়োগ । এই দিনটোতে প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হয় কলিয়াবৰ । 11 নং কলিয়াবৰ লোকসভাৰ নাম বিলুপ্তিকৰণ কৰি কাজিৰঙা কৰাত আক্ষেপ প্ৰকাশ কৰে কলিয়াবৰ সচেতন নাগৰিক সমাজে ।