ETV Bharat / state

ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

author img

By

Published : Jul 6, 2020, 2:23 PM IST

বিগত কিছুদিনৰ পৰা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা ভূমি নীতি সম্পৰ্কে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে ৰাজ্যত ৷ ৰাজ্যৰ কেইবাটাও দল-সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ কামপুৰতো সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে গ্ৰহণ কৰে অনশন কাৰ্যসূচী ৷

Protest against land laws 2020 by KMSS barhampur assam etv bharat news
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

বঢ়মপুৰ,6 জুলাই: চৰকাৰে ইতিমধ্যে খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰে গ্ৰহণ কৰা ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ৷ নগাঁৱৰ কামপুৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে এই নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ সুৰক্ষাৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

দুঘণ্টীয়া কাৰ্যসূচীৰে সংগঠনটোৱে কামপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সততে জাতি-মাটি-ভেটিৰ কথা সদম্ভে ঘোষণা কৰা সোণোৱাল চৰকাৰে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহ্বাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ লগতে এই কাৰ্যসূচীৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দী নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য যে,কৰ’ণা ভাইৰাছৰ দোহাই দি অখিল গগৈক অসম চৰকাৰে সংগঠনৰ লোকৰ লগতে পৰিয়ালৰ লোকক সাৎক্ষা কৰাৰ অনুমতি প্ৰদান কৰা নাছিল ৷

লগতে চাওকঃ অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.