ETV Bharat / state

বঢ়মপুৰৰ কামপুৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ

ৰাজ পথত নামিল মহিলা,বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে অসম মহিলা সমতা চ'ছাইটি আৰু পি এল ভিৰ উদ্যোগত শতাধিক মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে ৷

বঢ়মপুৰৰ কামপুৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Oct 24, 2019, 2:16 PM IST

বঢ়মপুৰ,24 অক্টোবৰ: নগাঁও জিলাৰ কামপুৰত প্ৰতিদিনে অবাধ হাৰত বৃদ্ধি পাবলৈ ধৰিছে মাদক দ্ৰব্যৰ প্ৰচলন ৷ ফলত সমান্তৰালকৈ বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাও ৷ বৃহস্পতিবাৰে ঠাইখনত মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে অসম মহিলা সমতা চ'ছাইটি আৰু পি এল ভিৰ উদ্যোগত শতাধিক মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে ৷

উল্লেখ যোগ্য যে মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলে কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰি মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ দাবী জনায় ৷ মাদক দ্ৰব্যই বহু পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ পাছতে মাদক দ্ৰব্যৰ ভয়াৱহতা সম্পৰ্কে নতুন প্ৰজন্মক সজাগ কৰি তোলাৰ উদ্দেশ্যৰেই মহিলাসকলে মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত উলিয়াই এই প্ৰতিবাদী সমদল ৷

Intro:বঢ়মপুৰৰ কামপুৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ।ৰাজ পথত নামিল মহিলা,বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

Anchor/Vo= নগাঁও জিলাৰ কামপুৰত অধিক মাদকদ্ৰব্য প্ৰচলনে কামপুৰৰ সামাজিক পৰিৱেশ বিনষ্ট হৈ অহাৰ ফলত অসম মহিলা সমতা চ'ছাইতি আৰু পি এল ভিৰ উদ্যোগত শতাধিক মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।মাদক দ্ৰব্যই বহু পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ বাবে চিন্তিত হৈ পৰিছে মহিলা সকল।নতুন প্ৰজন্মক সজাগ কৰি তোলাৰ উদ্দেশ্যৰেই মহিলা সকলে মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰে।

Byte-প্ৰতিবাদী মহিলা

Body:Vo-উল্লেখ যোগ্য যে মহিলা আৰু ছাত্ৰ-ছাত্ৰী সকলে কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰি মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ দাবী জনায়।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.