ETV Bharat / state

Protest against delimitation:বটদ্ৰৱা সমষ্টি বিলুপ্তিৰ বিৰুদ্ধে ভকত বৈষ্ণৱৰ প্ৰতিবাদ - protest against delimitation in nagaon

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অব্যাহত প্ৰতিবাদ । খোল তাল লৈ নগাঁৱৰ ৰাজপথত ভকত বৈষ্ণৱ । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ নাম সলনি কৰাৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথত খোল-তাল লৈ অভিনৱ প্ৰতিবাদ কৰিলে বটদ্ৰৱাৰ শতাধিক ভকত বৈষ্ণৱে ।

Protest against delimitation
খোল-তাল বজাই স্যবস্ত কৰিলে প্ৰতিবাদ
author img

By

Published : Jul 19, 2023, 5:11 PM IST

খোল-তাল বজাই স্যবস্ত কৰিলে প্ৰতিবাদ

নগাঁও, ১৯ জুলাই : নিৰ্বাচন আয়োগে বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে শুনানি গ্ৰহণৰ উদ্দেশ্যে উপস্থিত হোৱাৰ সময়তো ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা নিৰ্বাচন আয়োগৰ দলটোৱে কেইবাটাও পৰ্যায়ত জিলা ভিত্তিত শুনানি গ্ৰহণ কৰিব । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বুধবাৰে খোল তাল হাতত লৈ নগাঁৱৰ ৰাজপথত ওলাই আহিল ভকত বৈষ্ণৱ । গুৰুজনাৰ জন্মস্থানৰ নাম সলনি নকৰিব ধ্বনিৰে উত্তাল কৰিলে নগাঁৱৰ ৰাজপথ ।

"বটদ্ৰৱা সমষ্টিৰ নাম বাহাল ৰাখক" শ্লোগানৰে বুধবাৰে শতাধিক ভকত-বৈষ্ণৱে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত খোল-তাল বজাই স্যবস্ত কৰে প্ৰতিবাদ । অসম চৰকাৰে সমষ্টি পুনৰ গঠনৰ খচৰাত বটদ্ৰৱাৰ নাম সলনি কৰি ধিং সমষ্টি কৰাৰ প্ৰস্তাৱ দিয়াৰ বিপক্ষে এই অভিনৱ প্ৰতিবাদ স্যাবস্ত কৰিলে শতাধিক ৰাইজে । নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বটদ্ৰৱাৰ ১২ হাজাৰ লোকৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে দেশৰ নিৰ্বাচন আয়োগলৈ ।

বটদ্ৰৱা সমষ্টিৰ নাম সলনি কৰি গুৰুজনাক অপমান নকৰিবলৈয়ো আহ্বান জনায় প্ৰতিবাদকাৰী ভকত বৈষ্ণৱে । প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী ৰাইজে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে । উল্লেখযোগ্য যে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰায়ো এই স্মাৰকপত্ৰত স্বাক্ষৰ কৰে ।

নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে শুনানি গ্ৰহণৰ উদ্দেশ্যে অসমত উপস্থিত হোৱাৰ সময়তো বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ লগতে ৰাজনৈতিক দলে প্ৰতিবাদ সাব্য়স্ত কৰাত আয়োগে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তাৰেই আশাত ৰৈ আছে ৰাইজ ।

লগতে পঢ়ক:Namami Gange project in Chamoli Uttarakhand : মৃতকৰ সংখ্যা বৃদ্ধি 15 জনলৈ; দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.