কলিয়াবৰ,17 অক্টোবৰ : কাতি বিহুৰ দিনাই কলিয়াবৰৰ ৰাজপথত প্ৰতিবাদ । 37 নং আৰু 37 নং ‘ক’ ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ কামত বিসংগতি হোৱাক লৈ গেমন ইণ্ডিয়া আৰু এন.এইচ.আই.ডি.চি.এলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত একাংশ ৰাইজৰ ।
ৰাইজৰ অভিযোগ অনুসৰি,কলিয়াবৰৰ তিনিআলিৰ দৰে এক গুৰুত্বপূৰ্ণ স্থানত ‘চাৰ্ভিচ ৰোড’ আৰু নলা নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰতিবাদ অব্যাহত থকা সত্বেও পথ নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ এই পৰ্যন্ত গা লৰা নাই। উল্লেখ্য যে,সেই স্থানতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখা অৱস্থিত হোৱাৰ বাবে বহু লোকৰ সমাগম হয় ৷
লগতে পঢ়ক : ৰাজ্য চৰকাৰলৈ CAGৰ জৰুৰী পত্ৰ