বঢ়মপুৰ,10 ডিচেম্বৰ : ৰাজ্যৰ চৌদিশে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলনে ৷ লোক সভাত ইতিমধ্যেই গৃহীত হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক,2019 ৷ ইয়াৰ পাচতেই আজি পুৱাৰে পৰা অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে বিধেয়ক বিৰোধী আন্দোলন ৷ বিধেয়কখনৰ বিৰোধিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্র সংগঠন নেছ'য়ে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাত ৷
নেছ'ৰ অসম বন্ধৰ আহ্বানৰ প্ৰতি সহাৰি জনাই আজি পুৱাই নগাঁওৰ কামপুৰৰ তেতেলিসৰাৰ খিলঞ্জীয়া ৰাইজে ৰাজপথত টায়াৰ জ্বলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে হাতে-হাতে ক'লা পতাকা লৈ বিভিন্ন শ্ল'গানেৰে ৰাজপথতে বহি ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী গ' বেক ;সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব মূৰ্দ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে পৰিৱেশ ৷