ETV Bharat / state

কলা শাখাত সপ্তম স্থান দখলেৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশী গোস্বামীয়ে

author img

By

Published : Jun 25, 2020, 1:00 PM IST

সৰ্বমুঠ 469 নম্বৰ লাভ কৰি কলা শাখাত সপ্তম স্থান দখলেৰে জিলিকিল নগাঁৱৰ ৰেনেছা জুনিঅ'ৰ কলেজৰ ছাত্ৰী প্ৰিয়াংশী গোস্বামী ৷ ছাত্ৰীগৰাকীৰ কৃতিত্বই গৌৰৱ কঢ়িয়াই আনিছে কলিয়াবৰবাসীলৈ ৷

priyanshi goswami from kaliabor secured 7th position in h.s final exam

কলিয়াবৰ, 25 জুনঃ ঘোষিত হ'ল বহু প্ৰতিক্ষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল ৷ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্য়মিক পৰীক্ষাৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে, কলিয়াবৰবাসীলৈ ৷ কলা শাখাত সপ্তম স্থান দখলেৰে জিলিকিল নগাঁৱৰ ৰেনেছা জুনিঅ'ৰ কলেজৰ ছাত্ৰী প্ৰিয়াংশী গোস্বামী ৷ কলিয়াবৰৰ শান্তিপুৰ গাঁৱৰ নিবাসী অনিল গোস্বামী আৰু পপী গোস্বামীৰ কন্যা প্ৰিয়াংশীয়ে লাভ কৰিছে সৰ্বমুঠ 469 নম্বৰ ৷

কলা শাখাত সপ্তম স্থান দখলেৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশী গোস্বামীয়ে

প্ৰিয়াংশীয়ে এই সফলতাৰ বাবে সমগ্ৰ কৃতিত্ব দিছে তেওঁ অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ সমূহ কৰ্তৃপক্ষলৈ ৷ ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁক কৰ্তৃপক্ষৰ লোকে যথেষ্ট সমৰ্থন কৰাৰ লগতে, সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছিল ৷ ইয়াৰোপৰি ছাত্ৰী গৰাকীয়ে নিজৰ পিতৃ-মাতৃকো তেওঁৰ ফলাফলৰ বাবে কৃতিত্ব দিয়াৰ লগতে, তেওঁ পূৰ্বতে অধ্যয়ন কৰা বিদ্যালয় কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰে ৷ ভৱিষ্যতে ভূগোল বিষয়ক গুৰু বিষয় বিচাপে লৈ অধ্যয়ন কৰি এগৰাকী অধ্যাপক হোৱাৰ আশা মনত পুহি ৰাখিছে মেধাৱী ছাত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.