বঢ়মপুৰ, 11 ডিচেম্বৰ : বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীত নগাঁও জিলা কংগ্ৰেছৰ সংবাদ মেল ৷ সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰীকাক উভতি ধৰিলে নগাঁও জিলা কংগ্ৰেছে ৷ সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙা সমষ্টিত নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়ত পলাইছে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, গৌৰৱ গগৈয়ে য'তেই নিৰ্বাচন খেলে তাতেই জয়ী হ'ব ৷ ইফালে দেওবাৰে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠীয়াতলীত অনুষ্ঠিত হোৱা বিজেপিৰ জন সভাত দুহেজাৰ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা বুলি হোৱা প্ৰচাৰ সম্পূৰ্ণ মিছা বুলি কোৱাৰ লগতে কংগ্ৰেছৰ কোনো সক্ৰিয় কৰ্মীয়ে বিজেপিত যোগদান কৰা নাই বুলি মন্তব্য কৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই ৷
প্ৰশান্ত কুমাৰ শইকীয়াই সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰে ঋণ লৈ অসমবাসীক ঘিউ খুৱাব খুজিছে বুলি মন্তব্য কৰে ৷ সুৰেশ বৰাৰ কংগ্ৰেছ ত্যাগে দলৰ কোনো ক্ষতি কৰা নাই বুলি সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁ ৷ নিজৰ স্বাৰ্থৰ বাবেহে সুৰেশ বৰাই বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
আনহাতে এ আই ইউ এফৰ লগত কংগ্ৰেছে মিত্ৰতা নকৰিলে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ শূণ্য হ'ব বুলি এ আই ইউ এফৰ মুৰব্বী বদৰুদ্দিন আজমলকো কটাক্ষ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তেওঁ কয় যে, কোনে কাৰ লগত মিত্ৰতা কৰিব সেইয়া কংগ্ৰেছে বিবেচনা কৰিব, বদৰুদ্দিন আজমলে নকলেও হ'ব ৷ সংবাদমেলত নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰোহিনী বৰুৱা, সুৰেন শইকীয়া, দীপ দাস, কঠীয়াতলী বিচিচি সভাপতি দাৰুদুল ইছলাম, বঢ়মপুৰ বিচিচি সভাপতি ৰঞ্জিত বৰা, সম্পাদক দুলাল দেৱনাথৰ লগতে বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাতগৰাকী প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিছে আৱেদন পত্ৰ