নগাঁও, 16 নৱেম্বৰ : নগাঁৱত সোমবাৰে জিলা প্ৰশাসনৰ উদ্যোগত প্ৰেছ ক্লাৱে পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । নগাঁও আৱৰ্ত ভৱনত আয়োজিত প্ৰেছ দিৱসৰ কাৰ্যসূচীত ক’ভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত হয় ।
![press day celebrate in nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-801-16nov-press-day-vis-7203829_16112020124130_1611f_00813_892.jpg)
অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথ, বিশিষ্ট লেখক শিবানন্দ কাকতি অংশগ্ৰহণ কৰি ক’ভিড মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।
নগাঁও জিলা জনসংযোগ বিষয়া সমৰ কলিতাই আঁত ধৰা প্ৰেছ দিৱসৰ কাৰ্যসূচীত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, সম্পাদক চন্দনজ্যোতি বৰাকে প্ৰমুখ কৰি বহু কেইজন সাংবাদিক উপস্থিত থাকে । অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী তথা বাতৰি কাকত বিতৰক মুকুট চন্দ্ৰ ভূঞাক সম্বৰ্ধনা জনোৱা হয় ।
লগতে পঢ়ক : ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ