ETV Bharat / state

Press conference of Nagaon DC: নতুন ভোটাৰে লাভ কৰিব সুবিধা - নতুন ভোটাৰে লাভ কৰিব সুবিধা

ভোটাৰ তালিকাক লৈ নিৰ্বাচনী আয়োগৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচৰা ভোটাৰে লাভ কৰিব আগতীয়া আবেদনৰ সুযোগ(Election Commission decides new electoral rolls)।নগাঁৱত সংবাদ মেলত নিৰ্বাচন আয়োগৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰে জিলা উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াই।

press conference of Nagaon DC
নতুন ভোটাৰে লাভ কৰিব সুবিধা
author img

By

Published : Jul 30, 2022, 5:01 PM IST

নগাঁও, ৩০জুলাই: নতুন ভোটাৰ তালিকাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে(Election Commission decides new electoral rolls)।শনিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদ মেলত ভোটাৰ তালিকাত লৈ গ্ৰহণ কৰা নতুন সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু জিলা নিৰ্বাচনী বিষয়া গায়ত্ৰী শৰ্মাই(Press conference of Nagaon DC)।

নতুন ভোটাৰে লাভ কৰিব সুবিধা

ঘোষণা কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচৰা ভোটাৰে লাভ কৰিব কিছু নতুন সুবিধা । বছৰত চাৰিবাৰকৈ আবেদন কৰিবলৈ সুবিধা লাভ কৰিব নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচৰা ভোটাৰসকলে । উল্লেখ্য় যে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ প্ৰাক্ মহুৰ্তত আগতীয়াকৈ আবেদন কৰিবলৈ সুবিধা লাভ কৰিব নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচৰা ভোটাৰসকলে । জিলা নিৰ্বাচনী বিষয়া গায়ত্ৰী শৰ্মাই সদৰি কৰা অনুসৰি অহা নৱেম্বৰ মাহত প্ৰকাশ পাব নতুন ভোটাৰ তালিকাৰ খচৰা । খচৰা প্ৰকাশ পোৱাৰ এমাহৰ ভিতৰতে অৰ্থাৎ ৮ ডিচেম্বৰলৈ নাম সংশোধনৰ সুবিধা লাভ কৰিব ভোটৰসকলে । তদুপৰি এইবাৰ ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰো ব্যৱস্থা কৰিব নিৰ্বাচন আয়োগে । অৱশ্যে আধাৰ কাৰ্ড নথকা সকলৰ বাবেও থাকিব বিকল্প ব্যৱস্থা ।

লগতে পঢ়ক:Ganja seized: শোণিতপুৰত জব্দ প্ৰায় ২১ কিলোগ্ৰাম গাঞ্জা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.