নগাঁও, 23 এপ্ৰিল : লক ডাউনৰ পৰা বিৰত থাকিবলৈ চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰ'টকলক মানি চলিবলৈ ৰাইজক আহ্বান জনাই নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । "তিনিওখন জিলাতে নিয়ন্ত্ৰণত আছে কোভিড পৰিস্থিতি।" ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ পৰত নগাঁৱত এইদৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ক'ভিড পৰিস্থিতিক কেন্দ্ৰ কৰি নগাঁও আৱৰ্ত ভৱনত তিনিওখন জিলাৰ উপায়ুক্তৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৈঠকত জিলা তিনিখনৰ প্ৰশাসনৰ মুৰব্বীৰ লগতে স্বাস্থ্য বিভাগৰ মুৰব্বী সকলো উপস্থিত থাকে ৷ বৈঠকত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ বৰ্তমান ক'ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় ৷
"নিয়ন্ত্ৰণত আছে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ক'ভিড পৰিস্থিতি ৷ ইতিমধ্যে ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈছে ৷" বৈঠকৰ পাচত এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী সাল-সলনি