নগাঁও, 22 আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিজেপি দলৰ ন-পুৰণি কৰ্মীৰ মাজত সংঘাতৰ সন্দৰ্ভাত বিজেপিক সমালোচানা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ সোমবাৰে সংবাদমেল পাতি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷ ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কংগ্রেছক চাৰ্জাৰী কৰিব বিচাৰিছিল বিজেপিয়ে । ৰাজনৈতিক অভিসন্ধিৰ বাবে বিজেপিয়ে ভৌগোলিক সীমা নিৰ্ধাৰণ কৰিছে যদিও ইয়াৰ পৰা বিজেপি লাভাম্বিত হ'ব নোৱাৰে ৷’’ এই মন্তব্য সাংসদ বৰদলৈৰ ৷
নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কৰা মন্তব্য মানি লোৱা নাই বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ কয়, ‘‘নগাঁও লোকসভা সমষ্টিৰ পৰা পুনৰ কংগ্ৰেছৰ প্ৰৰ্থী জয়ী হ’ব । যদিও ৰাজেন গোহাঁইয়ে নগাঁও সমষ্টি আজমলক গতাই দিয়া বুলি কৈছে সেয়া তেনে কোনো কথা নহয়, সেই অভিযোগ নস্যাৎ কৰিছো মই ৷’’
বিজেপিৰ ন-পুৰণি নেতাক লৈ হোৱা সংঘাত সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘বিজেপিৰ স্খলন আৰম্ভ হৈছে ৷ ৰাইজে এতিয়া কংগ্ৰেছক বিচাৰিছে । ৰাইজ বিজেপিৰ প্ৰতি অতিষ্ঠ হৈ পৰিছে ।’’ আনহাতে বিজেপিৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ অধিকাৰ নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কয় যে, জ্যেষ্ঠজনক সন্মান কৰাটো উচিত । ৰাজেন গোহাঁই, সিদ্ধাৰ্থ ভট্টাচাৰ্য, অশোক শৰ্মাই দলৰ বাবে বহু কষ্ট কৰিছে । তেওঁলোকক অপমান কৰাটো দুৰ্ভাগ্যজনক ৷
আনহাতে, ২০২৪ত কেন্দ্ৰত আই এন দি আই এৰ নেতৃত্বত চৰকাৰ হ'ব বুলি আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । বিগত লোকসভা নিৰ্বাচনত সকলো স্তৰৰ ৰাইজে সমৰ্থন কৰাৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, ’’কোনো বিশেষ সম্প্ৰদায়ৰ ভোটত মই জয়ী হোৱা নাছিলো ।’’
লগতে পঢ়ক: Rajen Gohain: মুখ্যমন্ত্ৰীৰ অনুৰোধত নিজে অমিত শ্বাহৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই