নগাঁও,৩ মে' : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ উদ্যোগক গতিশীল কৰাৰ লগতে ইয়াৰ লগত জড়িত শিল্পী কলা কুশলী সকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে নগাঁৱত অনুষ্ঠিত হ'ব প্ৰাগ চিনে এৱাৰ্ড । এইবাৰৰ প্ৰাগ চিনে এৱাৰ্ডৰ বিষয়বস্তু ৰখা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ । ২০১৯ বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ড নৰ্থ ইষ্টৰ কাৰ্যসূচীত ৪৮ খন অসমীয়া আৰু অন্যান্য ভাষাৰ চিনেমাৰ শিতানৰ শ্ৰেষ্ঠতাৰ ভিত্তিত বঁটা প্ৰদান কৰা হ'ব । আনহাতে শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী বঁটাও প্ৰদান কৰা হ'ব । উল্লেখ্য যে, প্ৰাগ চিনে এৱাৰ্ডত অসমীয়া চলচ্চিত্ৰ জগতলৈ বৰঙণি আগবঢ়োৱা অভিনেত্ৰী ৰুণু দেৱীক প্ৰদান কৰা হ'ব ২০১৯ বৰ্ষৰ জীৱন জোৰা সাধনা বঁটা ।
কেইবাজনো বিশেষ গায়কৰ গীতৰ শৰাই আগবঢ়োৱাৰ লগতে বহু গীতৰ অনুষ্ঠান থাকিব ২০১৯ বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ডত । মুঠ ৩১ টা বিভাগৰ এই বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটাৰ লগতে প্ৰদান কৰা হ'ব বহু বিশেষ বঁটা ।