ETV Bharat / state

Prafulla Kumar Mahanta has recovered : চামগুৰিৰ বিবাহ অনুষ্ঠানত পত্নীসহ প্ৰফুল্ল কুমাৰ মহন্ত - Prafulla Mahanta on AGP strategy

পুনৰ ৰাজহুৱা অনুষ্ঠানত অংশ ল'বলৈ আৰম্ভ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । সুস্থ হৈ উঠাৰ লগে লগে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ নেতাগৰাকীৰ (Prafulla Kumar Mahanta has recovered)। শনিবাৰে চামগুৰিৰ এক বিবাহ অনুষ্ঠানত উপস্থিত থাকে নেতাগৰাকী ।

Prafulla Kumar Mahanta has recovered
চামগুৰিৰ বিবাহ অনুষ্ঠানত পত্নীসহ প্ৰফুল্ল কুমাৰ মহন্ত
author img

By

Published : Oct 15, 2022, 3:38 PM IST

চামগুৰি,১৫ অক্টোবৰ : অসম গণ পৰিষদৰ কৰ্মী আৰু সমৰ্থকসকলৰ বাবে সুখবৰ । সুস্থ হৈ উঠিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta has recovered)। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নেতাগৰাকীয়ে শনিবাৰে পুৰণিগুদামৰ এখন বিবাহথলীত উপস্থিত হয় ।

চামগুৰিৰ বিবাহ অনুষ্ঠানত পত্নীসহ প্ৰফুল্ল কুমাৰ মহন্ত

নেতাগৰাকী বিবাহথলীত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ অনুৰাগীসকলেও ভিৰ কৰা দেখা যায় । ইফালে বিয়াঘৰত উপস্থিত থকা লোকসকল আৰু অগপ দলৰ সমৰ্থকসকলেও নেতাগৰাকীক সাক্ষাৎ কৰে (Former CM PK Mahanta attends wedding ceremony)। নেতাগৰাকীক সংগ দিয়ে পত্নী তথা সাহিত্যিক ড৹ জয়শ্ৰী গোস্বামী মহন্তই ।

ইফালে অগপ দলৰ প্ৰতিষ্ঠা দিৱস (AGP foundation Day) সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰফুল্ল কুমাৰ মহন্তই কয় যে তেওঁ আশাবাদী যে ৰাজ্যৰ লোক দলেবলে ওলাই আহিব আৰু অসম গণ পৰিষদ দলত যোগদান কৰিব । ইয়াৰ দ্বাৰা দলটো অধিক শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁৰ মতে অগপ দলক শক্তিশালী কৰিব লাগিব । কিয়নো তেওঁ বিশ্বাস কৰে যে আঞ্চলিক শক্তি অবিহনে অসমত শান্তি-শৃংখলাই বিৰাজ কৰিব নোৱাৰে ।

সেয়েহে অগপ দলক শক্তিশালী কৰাটোৱে প্ৰধান উদ্দেশ্য । অগপৰ স্থিতিক লৈ তেওঁ সন্তুষ্ট হয় নে নহয় বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ পোনপটীয়াকৈ ইয়াৰ উত্তৰ নিদিলে যদিও দলটোৰ স্থিতি শক্তিশালী কৰিবলৈ তেওঁ অধিক প্ৰয়াস কৰি যাব বুলি মন্তব্য কৰে (Prafulla Mahanta on AGP strategy)। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰে নেতাগৰাকীয়ে । তেওঁৰ মতে মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাক সদায় সন্মান কৰি যাব (PK Mahanta praises Assam CM)। আগন্তুক দিনত অসমখনক আগুৱাই নিব পাৰিব বুলিও তেওঁ আশাবাদী ।

প্ৰফুল্ল মহন্তৰ লগত বিয়াঘৰলৈ অহা পত্নী ড৹ জয়শ্ৰী গোস্বামী মহন্তইও স্বামী সুস্থ হোৱাৰ বাবে যথেষ্ট আনন্দিত । স্বামীয়ে এনেদৰে পুনৰ সভা-অনুষ্ঠানত অংশগ্ৰহণ কৰাত আৰু দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাত আনন্দিত হৈছে । স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী প্ৰফুল্ল মহন্তক বিভিন্ন ধৰণে প্ৰশংসাও কৰে ড৹ জয়শ্ৰী গোস্বামী মহন্তই ।

লগতে পঢ়ক :Flood situation in Assam : ৬ মাহে পানীৰ তলত এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.