ETV Bharat / state

কংগ্ৰেছত থাকোতেও ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলাই আছিল : প্ৰদ্যুৎ বৰদলৈ

‘‘ৰিপুন বৰা চূড়ান্ত বিশ্বাসঘাতক ৷’’ নগাঁৱত এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi calls Ripun Bora a betrayer) । ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হৈ থাকোতেই ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলোৱাৰ অভিযোগ ।

pradyut-bordoloi-calls-ripun-bora-a-betrayer
কংগ্ৰেছত থাকোতেও ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলাই আছিল :প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Apr 18, 2022, 10:00 PM IST

নগাঁও, 18 এপ্ৰিল : অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ দল ত্যাগক লৈ ৰাজ্যৰ ৰাজনীতি পুনৰ গৰম হৈ পৰিছে (Ripun Bora's TMC journey) । কংগ্ৰেছ ত্যাগ কৰি প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই হঠাৎ কংগ্ৰেছ দল ত্যাগ কৰি যোগদান কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত ।

ৰিপুন বৰাৰ দল ত্যাগক লৈ ইতিমধ্যেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহু কংগ্ৰেছ নেতাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on Ripun Bora's TMC journey) । ৰিপুন বৰাৰ দল ত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁৰ মতে, কংগ্ৰেছক চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে ৰিপুন বৰাই ।

কংগ্ৰেছত থাকোতেও ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলাই আছিল :প্ৰদ্যুৎ বৰদলৈ

ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ তথা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈ থাকোঁতেই ৰিপুন বৰাই আৰম্ভ কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ । কংগ্ৰেছত থাকোতেই ৰিপুন বৰাই বিভিন্ন জিলা পৰ্যায়ৰ কংগ্ৰেছ নেতাক তৃণমূলত যোগদানৰ বাবে যোগাযোগ কৰিছিল বুলিও মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

ৰিপুন বৰা তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদ হ’বলৈহে তৃণমূলত যোগদান কৰিছে । ক্ষমতা নোহোৱাকৈ ৰিপুন বৰা থাকিব নোৱাৰে বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । কংগ্ৰেছত কোনো বিসম্বাদ নাই বুলি মন্তব্য কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, কংগ্ৰেছত নেতাৰ অনুগামী জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই আছে ।

লগতে পঢ়ক : ETV Bharat Exclusive : তৃণমূলত যোগদানৰ পিছত ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.