ETV Bharat / state

বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ দণ্ড ৰহা পৌৰসভাক, হাৰাশাস্তি ৰাইজৰ - ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সংযোগ কৰ্তন

বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে সাধাৰণ ৰাইজৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ কথা সততে শুনিবলৈ বা দেখিবলৈ পোৱা যায় । কিন্তু এইবাৰ বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে অন্ধকাৰত বুৰ গ'ল ৰহা চহৰ । ৰহা পৌৰসভাই বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে ১০টা ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে ৰহা বৈদ্যুতিক উপ-সংমণ্ডলে ।

Power cut due to non-payment of electricity charges in Raha
বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সংযোগ কৰ্তন
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 12:16 PM IST

বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সংযোগ কৰ্তন

ৰহা,১০ ডিচেম্বৰ: এইবাৰ সাধাৰণ ৰাইজে নহয় এইবাৰ পৌৰসভাই বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ ফলত কৰ্তন হ'ল বিদ্যুৎ সংযোগ । ৩,১৩,৬১০‌টকাৰ বিদ্যুৎ মাচুল পৰিশোধ কৰা নাই ৰহা পৌৰসভাই । ফলত ৰহা বিদ্যুৎ উপসংমণ্ডলে কৰ্তন কৰিলে ৰহাৰ ১০টা ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সংযোগ । ৰহা পৌৰসভাৰ দ্বায়িত্বহীনতাৰ বাবে যমৰ যন্ত্ৰনা ভুগিছে ৰহাৰ সাধাৰণ জনতাই ।

ৰহাবাসীৰ সুবিধাৰ বাবে ৰহা পৌৰসভাৰ অন্তৰ্গত ব্যস্ততাপূৰ্ণ অঞ্চলসমূহত স্থাপন কৰিছিল ৮ টা হেলজেনযুক্ত ষ্ট্ৰীট লাইট । কিন্তু যোৱা ১৫ দিন ধৰি সন্ধিয়া হোৱাৰ‌ লগে লগে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰে ৰহা নতুন চাৰিআলি, পুৰণা চাৰিআলি, বেটেলিয়ন চাৰিআলি, গড়মাৰি আৰু খাইগড় অঞ্চলত । কাৰণ বিদ্যুৎ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰহা পৌৰসভাই বিদ্যুৎ বিভাগক পৰিশোধ কৰিবলৈ আছে ৩ লাখ ১২ হাজাৰ ৬শ ১০ টকাৰ বিদ্যুৎ মাচুল ।

সেই বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ বাবেই বিদ্যুৎ বিভাগে কৰ্তন কৰে প্ৰতিটো ষ্ট্ৰীট লাইটৰ বিদ্যুৎ সংযোগ । যাৰ বাবে অন্ধকাৰ পৰিৱেশত সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা । পৌৰসভা এলেকাত সময়ে সময়ে বৃদ্ধি কৰি আহিছে বিভিন্ন কৰ কিন্তু তাৰ পৰিৱৰ্তে কিয় বিদ্যুৎ মাচুল আদায় দিবলৈ অসমৰ্থ ৰহা পৌৰসভা তাক লৈ ইতিমধ্যে প্ৰশ্ন উদয় হৈছে ৰহাবাসীৰ মনত ।

এতিয়া কথা হ'ল বিদ্যুৎ মাচুল আদায় দিবলৈ ৰহা পৌৰসভাৰ আহৰি নাই নে দ্বায়িত্বহীনতাৰ পৰিচয় দিছে ৰহা পৌৰসভাই ? উন্নয়নৰ নামত ঢাক ঢোল বজাই কোটি কোটি টকাৰ ঋণ লোৱা চৰকাৰ খনে কেতিয়া পৰিশোধ কৰিব বিদ্যুৎৰ মাচুল ? ৰহা পৌৰসভাৰ এনে হেমাহিক ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে । লগতে অতি শীঘ্ৰে বিদ্যুৎ বিভাগক মাচুল পৰিশোধ কৰি পুনৰ ষ্ট্ৰীট লাইটত বিদ্যুৎ সংযোগ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Congress protest against BJP Govt : বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.