ETV Bharat / state

নগাঁও চহৰৰ এটা গুৰুত্বপূৰ্ণ পথৰ বাবে নৰকযান্ত্ৰনা জনতাৰ - poor road construction

গুৰুজনাৰ জন্মস্থানলৈ যোৱা পথৰ এটা অংশত এজাক বৰষুণতে সৃষ্টি হয় পুখুৰী সদৃশ পৰিৱেশ ৷ কেৱল পথতেই নহয়, পথৰ কাষৰ ঘৰলৈয়ো বাগৰি যায় নলাৰ দুৰ্গন্ধময় পানী ৷ যাৰ ফলত জীয়াতু ভুগিব লগাত পৰিছে অঞ্চলবাসীৰ লগতে পথাচাৰী ৷ নলা নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ(Contractor)ৰ মইমতালিৰ বাবে পথচাৰীয়ে দুৰ্ভোগ ভোগ কৰিব লগাত পৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে নগাঁওবাসী ৰাইজে ৷

নগাঁও চহৰৰ এটা গুৰুত্বপূৰ্ণ পথৰ বাবে নৰকযান্ত্ৰনা জনতাৰ

author img

By

Published : Jun 18, 2021, 9:47 PM IST

নগাঁও,18 জুন: নগাঁও চহৰৰ এটা অতি ব্যস্ত পথে দুৰ্ভোগ ভোগাইছে এতিয়া সাধাৰণ জনতাক । এজাক বৰষুণতে পুখুৰীলৈ পৰিণত হয় নগাঁৱৰ বিশেষ পথছোৱা । এই পথচোৱা হৈছে নগাঁৱৰ ধিং গেইট(Dhing Gate) ৷

ধিং গেইট(Dhing Gate) হৈছে গুৰুজনাৰ জন্মস্থানলৈ যোৱা পথৰ এটা অংশ ৷ এই অংশত এতিয়া সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে পথচাৰীয়ে ।

গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ নগাঁৱৰ পৰা যোৱা একমাত্ৰ পথচোৱা এতিয়া পানীৰ তলত ৷ নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলৰ যাতায়তৰ একমাত্ৰ পথ হৈছে এই ধিং গেইট(Dhing Gate) । এজাক বৰষুণতেই ধিং গেইট(Dhing Gate)ত জমা হয় এককাল পৰ্যন্ত পানী ।

নগাঁও চহৰৰ এটা গুৰুত্বপূৰ্ণ পথৰ বাবে নৰকযান্ত্ৰনা জনতাৰ

উল্লেখ্য যে, ধিং গেইট(Dhing Gate)ৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে তৎপৰতাৰেই ব্যৱস্থা গ্ৰহণ কৰিছিল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা(MLA Rupak Sharma)ই । কিন্তু এতিয়াও অন্ত পৰা নাই নগাঁওবাসীৰ দুৰ্ভোগ ৷

প্ৰাপ্ত তথ্য অনুসৰি, নগাঁও চহৰৰ ধিং গেইট(Dhing Gate)ত পানী জমা হোৱাৰ ফলত সৃষ্টি হোৱা সমস্যা সমাধানৰ বাবে ৰূপক শৰ্মা(MLA Rupak Sharma)ই গ্ৰহণ কৰিছিল নলা নিৰ্মাণৰ এক বৃহৎ আঁচনি । বৰ্তমানো চলি আছে নলাৰ নিৰ্মাণ কাৰ্যও ৷ কিন্তু নিৰ্মাণ কাৰ্য চলাই থকাৰ সময়তেই ঠিকাদাৰে(Contractor) পথৰ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা কৰা নাই ৷ যাৰ বাবে পথৰ ওপৰতেই জমা হয় বৰষুণৰ পানী । এই অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷ ফলত এতিয়া এজাক বৰষুণ দিলেই যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে পথচাৰীয়ে।

কেৱল নগাঁৱৰ মূল পথৰ ওপৰতেই নহয়, ধিং গেইট(Dhing Gate)ৰ ৰাজপথৰ পানী ওলাই যোৱাৰ কোনো সুবিধা কৰি নিদিয়াৰ বাবে প্ৰায়ে পথৰ কাষত থকা বহু লোকৰ ঘৰলৈয়ো বাগৰি যায় নলাৰ পানী । পথৰ দুৰ্গন্ধময় পানী ঘৰত সোমাই যোৱাত এতিয়া ক্ষুণ্ণ হৈ পৰিছে বহু পৰিয়াল ৷

নলা নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ(Contractor)ৰ মইমতালিৰ বাবে এনেদৰে পথচাৰীয়ে দুৰ্ভোগ ভোগ কৰিব লগাত পৰিছে ৷ ঠিকাদাৰ(Contractor)ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে নগাঁওবাসী ৰাইজে ৷ এই ক্ষেত্ৰত প্ৰশাসন তথা স্থানীয় বিধায়কক নগাঁওবাসী ৰাইজৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.