ETV Bharat / state

কলিয়াবৰত নৱনিৰ্মিত পকী পথত বৃহৎ ফাঁট - newly constructed road

কলিয়াবৰৰ হাটবৰত পথ নিৰ্মাণ(Road Construction)ত বিসংগতি । দুখনকৈ দলং সংযোগী নৱনিৰ্মিত পথত মেলিলে বৃহৎ ফাঁট । বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবেই নৱনিৰ্মিত পথটোত ফাঁট মেলিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Poor road construction at Kaliabor
কলিয়াবৰত নৱনিৰ্মিত পকী পথত বৃহৎ ফাট
author img

By

Published : Jun 13, 2021, 7:53 AM IST

কলিয়াবৰ,13 জুন : নিৰ্মাণৰ চাৰি মাহ নৌহওঁতেই ফাট মেলিলে কলিয়াবৰ(Kaliabor)ত এছঅ’পিডি(জি) আঁচনিৰ অধীনত নিৰ্মিত এটা পথত । কলিয়াবৰৰ হাটবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শাকমুঠীয়া হৈ কঁঠাল চাঙলৈকে মুঠ ৩২.৭৫ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা হৈছিল এই পকী পথটো ।

কিন্তু উত্তম চন্দ্ৰ নাহাতা মালিকানাধীন ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা দলং দুখনৰ সংযোগী এই পথচোৱাত এতিয়া বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে । এজাক বৰষুণতে পথচোৱাত ফাঁট মেলিছে আৰু বৰষুণৰ প্ৰকোপ বেছি হ'লে পথটোৰ মাজভাগত ভাঙি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

কলিয়াবৰত নৱনিৰ্মিত পকী পথত বৃহৎ ফাঁট

ভাৰতীয় সেনা বাহিনীৰ বিশেষ প্ৰয়োজন সাপেক্ষে নিৰ্মাণ কৰা পথচোৱা সম্পূৰ্ণ কৰাৰ দিন উকলি যোৱাত, বিভাগীয়ভাৱে অনতিপলমে দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হয় । নিৰ্মাণ বিধি পালন নকৰি পথটো নিৰ্মাণ কৰা হৈছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে ।

এই সন্দৰ্ভত দায়সৰা মন্তব‍্য কৰিছে পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে । ২০১৯ চনৰ পৰাই পথটোৰ নিৰ্মাণ কাৰ্য‍ চলি আছিল আৰু শেহতীয়াকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে । এতিয়া নৱনিৰ্মিত পথটোত ফাঁট মেলাত স্থানীয় ৰাইজে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই হেমাহি কৰাৰ অভিযোগ তুলিছে ।

উল্লেখ্য যে, ২০১৯ চনৰ ৪ জুনত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ই কলিয়াবৰ গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাৱধানত এই পথটোৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল ।

লগতে পঢ়ক: কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.