ETV Bharat / state

বিদ‍্যালয়ৰ মধ‍্যাহ্ন ভোজনৰ চাউলত পোক - মধ‍্যাহ্ন ভোজন

ক’ৰণাৰ তৃতীয় লহৰত শিশু (CHILD) আক্ৰান্ত হোৱাৰ খবৰে দেশ তথা ৰাজ্যবাসীক শংকিত কৰি তুলিছে ৷ সেই সময়তে কলিয়াবৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বজ্ঞানহীন কাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক ।

poor-quality-rice-of-mid-day-meals-at-kaliabor
বিদ‍্যালয়ৰ মধ‍্যাহ্ন ভোজনৰ চাউলত পোক
author img

By

Published : Jul 10, 2021, 10:43 AM IST

কলিয়াবৰ, 10 জুলাই : দেশত মহামাৰী ক’ৰণা (COVID) ৰ দ্বিতীয় লহৰে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে ক’ভিডৰ তৃতীয় লহৰ অহাৰ সম্ভাৱনাই আতংকিত কৰিছে সাধাৰণ জনতাক ৷ সম্প্ৰতি ক’ৰণাৰ তৃতীয় লহৰত শিশু (CHILD) আক্ৰান্ত হোৱাৰ খবৰে দেশ তথা ৰাজ্যবাসীক শংকিত কৰি তুলিছে ৷ সেই সময়তে কলিয়াবৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বজ্ঞানহীন কাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক ।

কলিয়াবৰৰ কুঠৰীৰ বাঘমাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে আজৱ কাণ্ড । স্কুলীয়া কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ ল’ৰা-ধেমালি বাঘমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ । উল্লেখযোগ্য যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিবলৈ অনা পোক থকা চাউল বাৰান্দাৰ মজিয়াত এজন লোকে ভৰিৰে মেলা দেখা যায় । প্ৰধান শিক্ষকৰ সন্মুখতে এই ঘটনা সংঘটিত হোৱাৰ পাছতো ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বিদ‍্যালয়ৰ মধ‍্যাহ্ন ভোজনৰ চাউলত পোক

ইফালে বিতৰণ কৰিবলৈ অনা চাউলত পোক থকা উপৰিও একপ্ৰকাৰ খাদ্যৰ বাবে অনুপযোগী হোৱা দেখা গৈছে । তাকে বিতৰণ কৰিবলৈ যো-জা চলাইছে প্ৰধান শিক্ষক গৰাকীয়ে । এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে সাংবাদিকৰ কেমেৰাত ।

এই ঘটনাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই বাঘমাৰী প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব ৷ ৰাজ্যত আজিও প্ৰতিদিনে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকা দেখিবলৈ পোৱা গৈছে ৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলাতো ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ৷

poor-quality-rice-of-mid-day-meals-at-kaliabor
বিদ‍্যালয়ৰ মধ‍্যাহ্ন ভোজনৰ চাউলত পোক

শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তই ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যি সকলে ক’ভিড নীতি-নিৰ্দেশনা অমান্য কৰিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰশাসনে ৷ কণ-কণ শিশুৰ জীৱনকৈ লৈ হেতালি খেলা বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে এইক্ষেত্ৰত উচিত শাস্তি লাভ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে ৷

লগতে পঢ়কঃ লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.