ETV Bharat / state

Samaguri Fish Conservation Park : পৰিত্যক্ত অৱস্থাত চামগুৰি মৎস্য সংৰক্ষণ উদ্যান; ম্লান হৈছে ঐতিহাসিক চামগুৰি বিলৰ পূৰ্বৰ ৰমণীয়তা - ম্লান হৈছে ঐতিহাসিক চামগুৰি বিলৰ পূৰ্বৰ ৰমণীয়তা

পৰিচৰ্যাৰ অভাৱত জহি-খহি যাবলৈ ধৰিছে চামগুৰি মৎস্য সংৰক্ষণ উদ্যানখন ৷ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মৎস্য সংৰক্ষণ উদ্যানখনৰ দুৰৱস্থাই ম্লানহে কৰিছে ঐতিহাসিক চামগুৰি বিলৰখনৰ পূৰ্বৰ ৰমণীয়তাও ৷ সেয়ে এই উদ্যানখন মেৰামতি কৰি স্থানীয় যুৱকক সংস্থাপন দিবলৈ অনুৰোধ জনাইছে স্থানীয় সচেতন ৰাইজে ৷

Poor condition of Samaguri Fish Conservation Park
চামগুৰি মৎস্য সংৰক্ষণ উদ্যান
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:34 PM IST

চামগুৰি মৎস্য সংৰক্ষণ উদ্যান

চামগুৰি, ২৩ ছেপ্টেম্বৰ : পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে চামগুৰি মৎস্য সংৰক্ষণ উদ্যানখন ৷ এসময়ত মাছ-কাছৰ লগতে ফলে-ফুলে জাতিষ্কাৰ হৈ পৰি ৰোৱা এই উদ্যানখন এতিয়া পৰিচৰ্যাৰ অভাৱত জহি-খহি যাবলৈ ধৰিছে ৷ কিন্তু এইবোৰলৈ যেন চকু দিবলৈ কাৰো আহৰি নাই ৷ এই উদ্যানখনলৈ বিভাগীয় মন্ত্ৰী-বিষয়াই ইতিমধ্যে পিচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

জানিব পৰা মতে, প্ৰায় ১০ টা বছৰৰ পূৰ্বে অৰ্থাৎ ২০১৩ চনত ঐতিহাসিক চামগুৰি বিলৰ দাঁতিত তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে উদ্বোধন কৰিছিল এখন মৎস্য সংৰক্ষণ উদ্যান । কোটি টকা ব্যয় সাপেক্ষে আটক ধুনীয়া নিৰ্মাণ কৰা এই উদ্যানখন কেৱল মৎস্য সংৰক্ষণৰ বাবেই নহয় উদ্যানখনে শোভা বৰ্ধন কৰিছিলে ঐতিহাসিক বিলখনৰ ।

কিন্তু সকলো যেন কালৰ গ্ৰাসত পৰি আটকধুনীয়া উদ্যানখনৰ এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে । মেৰামতি তথা পৰিচালনাৰ অভাৱত মৎস্য সংৰক্ষণৰ সেউজগৃহসমূহ এতিয়া ভাঙি-ছিঙি তথৈবচ অৱস্থা পৰি ৰৈছে ৷ হাবি-জংঘলেৰে ভৰি পৰা উদ্যানখনত এতিয়া বিৰাজ কৰিছে মৰিশালিৰ নিস্তব্ধতাই ।

ঐতিহাসিক চামগুৰি বিলৰ সৌন্দৰ্য বৰ্ধনৰ বিপৰীতে উদ্যানখনৰ দুৰৱস্থাই ম্লানহে কৰিছে বিলখনৰ পূৰ্বৰ ৰমণীয়তা । যাৰ বাবে স্থানীয় ৰাইজে উদ্যানখন পুনৰ মেৰামতি কৰি ঐতিহাসিক বিলখনৰ পুনৰ সৌন্দৰ্য বৰ্ধন কৰাই নহয় স্থানীয় নিবনুৱা যুৱক-যুৱতীক মৎস্য সংৰক্ষণৰ জৰিয়তে জীৱিকা অথবা সংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে দাবী উত্থাপন কৰে সংবাদ মাধ্যমৰ জৰিয়তে ।

লগতে উদ্যানখনত অসমৰ লুপ্তপ্ৰায় থলুৱা মাছৰ প্ৰজাতিসমূহক সংৰক্ষণ কৰিবৰ বাবেও সংশ্লিষ্ট মীন বিভাগক আহ্বান জনাই স্থানীয় সচেতন ৰাইজে । অন্যথা চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ অনিহাৰ ফলত কালৰ গ্ৰাসত জহি-খহি এদিন নিশ্চয় নিঃচিহ্ন হ’বগৈ চামগুৰিৰ বিলপাৰত এসময়ত মৎস্য সংৰক্ষণেই নহয় পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই বিশেষ উদ্যানখন ।

লগতে পঢ়ক : Ripun Bora on BJP govt; বিজেপি চৰকাৰখন ডকাইত আৰু লুটপাতৰ চৰকাৰহে : ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.