ETV Bharat / state

নগাঁৱত মৃত্যুদূতত পৰিণত এখন বাঁহৰ দলং - জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত

নগাঁও জিলাৰ কলিয়াবৰত এখন বাঁহৰ দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ কলং সুঁতিৰ ওপৰত থকা মিলন নগৰ আৰু উলুৱনী গড়কাপ্তানী পথ সংযোগী বাঁহৰ দলংখন পথচাৰীৰ বাবে এতিয়া মৰণফান্দ হৈ পৰিছে ৷ দলংখন নিৰ্মাণ কৰাৰ বাবে বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে সঘনাই উক্ত স্থানত দুৰ্ঘটনা সংঘটিত হৈছে ৷

Poor Bridge at Nagaon Kaliabor
নগাঁৱত মৃত্যুদূতত পৰিণত এখন বাঁহৰ দলং
author img

By

Published : Jul 22, 2020, 3:41 PM IST

কলিয়াবৰ, 22 জুলাই : ক'ভিড-19 আৰু বানপানীয়ে ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত নগাঁও জিলাৰ কলিয়াবৰত এখন বাঁহৰ দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ কলং সুঁতিৰ ওপৰত থকা মিলন নগৰ আৰু উলুৱনী গড়কাপ্তানী পথ সংযোগী বাঁহৰ দলংখন পথচাৰীৰ বাবে এতিয়া মৰণফান্দ হৈ পৰিছে ৷

নগাঁৱত মৃত্যুদূতত পৰিণত এখন বাঁহৰ দলং

জানিব পৰা মতে,২০০০ চনতে অসম চৰকাৰৰ তদানীন্তন বাণিজ‍্য আৰু উদ্যোগ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক গুণীন হাজৰিকাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছিল কেইবাখনো ফুট ব্ৰীজ ৷ বিশেষকৈ ৩৭নং ৰাষ্ট্ৰীয় পথৰ যাতায়ত ব্যবস্থা সুবিধাজনক কৰাৰ লক্ষ্য আছিল মন্ত্ৰী গৰাকীৰ । কিন্তু ২০১৭ চনৰ ১২ আগষ্টত হাতীমূৰাৰ মাথাউৰি ভাঙি সোমাই অহা প্ৰলয়ংকৰী বানে কলঙৰ ওপৰৰ ফুট ব্ৰীজখন উটুৱাই লৈ যায় ।

পৰৱৰ্তী সময়ত জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত উক্ত স্থানত এখন বাঁহৰ দলং নিৰ্মাণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল । কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, প্ৰায় তিনি বছৰ উকলি যোৱাৰ পিচতো দলংখন পুনৰ নিৰ্মাণৰ ব‍্যৱস্থা নকৰিলে বিভাগে । যাৰবাবে জৰাজীৰ্ণ দলংখনত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা বুলিও ৰাইজে আক্ষেপ কৰে ৷

লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক সংকট : মুখ্যমন্ত্ৰীৰ ভাতৃ আগ্ৰাছেন গেহলটৰ বাসগৃহত তালাচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.