ETV Bharat / state

নগাঁও নে বঢ়মপুৰ : ক'ৰ পৰা নিৰ্বাচন খেলিব ৰাজেন গোঁহাইয়ে - প্ৰাক্তন সাংসদ

বিজেপিতো আৰম্ভ দলীয় সংঘাত। কংগ্ৰেছৰ ৰকি-প্ৰদ্যুতৰ পিছত তুংগত বিজেপিৰ ৰাজেন গোহাঁই-ৰূপক শৰ্মাৰ ৰাজনৈতিক সংঘাত। এইবাৰ ৰূপক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ। মিছা কথাৰে ৰাইজক বিপথে পৰিচালিত কৰা বুলি ৰূপক শৰ্মাৰ বিৰুদ্ধে অভিয়োগ তুলিলে ৰাজেন গোঁহাইয়ে।

political clash
political clash
author img

By

Published : Jul 4, 2020, 8:50 PM IST

নগাঁও, 4 জুলাই : অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহত আৰম্ভ হৈছে দলীয় বিসম্বাদ। কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ পিচত এইবাৰ বিজেপিতো আৰম্ভ হৈছে দলীয় সংঘাত। নগাঁৱৰ দুই ৰাজনৈতিক নেতা ৰাজেন গোহাঁই আৰু ৰূপক শৰ্মাৰ মাজত তুংগত উঠিছে সংঘাত। বিগত সময়ত চাৰিবৰকৈ নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে এইবাৰ বিস্ফোৰণ ঘটাইছে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বিৰুদ্ধে।

বিগত লোকসভা নিৰ্বাচনত ৰাজেন গোঁহাইক বঞ্চিত কৰি নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিও পৰাজিত হোৱা ৰূপক শৰ্মাৰ গণভিত্তিক লৈ প্ৰশ্ন তুলিলে ৰাজেন গোহাঁইয়ে । প্ৰাক্তন সাংসদগৰাকীৰ মতে, বিগত লোকসভা নিৰ্বাচনেই প্ৰমাণ কৰিছে কাৰ কিমান গণভিত্তি আছে । বিগত ২০ বছৰে বিজেপি দলেই প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লৈ পৰাজিত হৈছে ৰূপক শৰ্মা । লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব লৈও নিজৰ সমষ্টিতেই ৰূপক শৰ্মাই গণভিত্তি দেখুৱাব নোৱাৰিলে বুলি কটাক্ষ কৰে ৰাজেন গোঁহাইয়ে ।

ৰূপক শৰ্মাৰ বিৰুদ্ধে সৰব ৰাজেন গোঁহাই
ইয়াৰোপৰি বিধায়ক ৰূপক শৰ্মাই মিছা কথাৰে ৰাইজক বিপথে পৰিচালিত কৰে বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে। নগাঁও কলেজ পইণ্টৰ পৰা উৰীয়াগাঁও, ডিমৌ আৰু বৰঘাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ কামৰ কৃতিত্ব ৰূপক শৰ্মাই ল'ব বিচাৰিছে যদিও প্ৰকৃততে ৰাজেন গোহাঁইৰ অনুৰোধতহে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়া বুলি উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতাজনে। আনকি যি সময়ত এই আঁচনি আবন্টন হৈছিল সেই সময়ত ৰূপক শৰ্মাই দিল্লী দেখিয়েই পোৱা নাই বুলি বৰ্তমানৰ নগাঁৱৰ বিধায়কগৰাকীক কটাক্ষ কৰে ৰাজেন গোঁহাইয়ে। প্ৰাক্তন সাংসদজনে কয় যে, মই ৰে'ল মন্ত্ৰী হৈ থাকোঁতে মোৰ মন্ত্ৰালয় দেখাৰ বিপৰীতে এইপৰ্যন্ত ৰূপক শৰ্মাই দিল্লীৰ আন কোনো মন্ত্ৰালয়ে দেখাই নাই বুলিও মন্তব্য কৰিছে ৰাজেন গোহাঁইয়ে।
ৰাজেন-ৰূপকৰ হাইভল্টেজ পলিটিকেল ড্ৰামা
নিজকে এতিয়াও সক্ৰিয় ৰাজনীতিত জড়িত কৰাৰ ইচ্ছাও প্ৰকাশ কৰিলে ৰাজেন গোঁহাইয়ে। আগন্তক বিধানসভা নিৰ্বাচনত নগাঁও সদৰ অথবা বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিব বুলিও স্পষ্ট কৰিলে ৰাজেন গোহাঁইয়ে। ৰাজেন গোহাঁইয়েই ৰূপক শৰ্মাক ৰাজনীতিলৈ অনাৰ কথা উল্লেখ কৰি তেওঁৰ গণভিত্তিতহে ৰূপক শৰ্মা বিধায়ক হোৱা বুলিও মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
ৰাজেন গোহাঁই-ৰূপক শৰ্মাৰ ৰাজনৈতিক সংঘাত
নগাঁৱৰ নিজা বাসভৱনত সংবাদ মেলৰ আয়োজন কৰি ৰূপক শৰ্মাৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক মন্তব্য কৰাৰ উপৰিও জাগীৰোড, ৰহা, বৰঘাট আৰু কঠীয়াতলিত উৰণীয়া সেতু নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে ৰাজেন গোহাঁইয়ে । ৰাজেন গোহাঁইৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰ বিধায়ক ৰূপক শৰ্মাই কিদৰে দিয়ে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব । লগতে নগাঁও সদৰ সমষ্টিত প্ৰাৰ্থীত্বক লৈ বিজেপি দলতো যে আগন্তুক সময়ত বিসম্বাদ সৃষ্টি হ'ব, ৰাজেন গোঁহাইৰ বক্তব্যৰ পৰাই সেয়া অনুমেয় হৈ পৰিছে ৷

লগতে পঢ়ক : গুৱাহাটীত আংশিকভাৱে‌ শিথিল হ’ব লক ডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.