ETV Bharat / state

Anti Corruption Branch Raid : উৎকোচ লৈ আটক হোৱা শিক্ষা বিষয়াৰ বাসগৃহত তালাচী

উৎকোচ লৈ এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়া বুদ্ধ কটকী (Education officer arrested by Anti Corruption Branch) । কামৰূপ মহানগৰৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক বুদ্ধ কটকীৰ নগাঁৱৰ বাসগৃহতো আৰক্ষীৰ তালাচী ।

author img

By

Published : Mar 4, 2023, 7:48 PM IST

Nagaon
Nagaon
আটক শিক্ষা বিষয়া বুদ্ধ কটকীৰ বাসগৃহত আৰক্ষীৰ তালাচী

নগাঁও, ৪ মাৰ্চ : উৎকোচ লৈ আটক হোৱা শিক্ষা বিষয়া বুদ্ধ কটকীৰ নগাঁৱৰ আমোলাপট্টিস্থিত বাসগৃহত চলিছে আৰক্ষীৰ অভিযান (Police raid on arrested education officer residence) । নগাঁৱৰ ইটাচালী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতাৰ নেতৃত্বত চলিছে এই অভিযান । কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক বুদ্ধ কটকীক উৎকোচ লোৱাৰ সময়তে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই (education officer arrested by Anti Corruption Branch) ।

পাঁচ হাজাৰ টকা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়া বুদ্ধ কটকী । বুদ্ধ কটকীক আটক কৰাৰ পাছতেই আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াগৰাকীৰ বাসগৃহত আৰম্ভ কৰে অভিযান (Kamrup metro schools SI arrested) । অৱশ্যে অভিযানত আৰক্ষীয়ে কি কি সামগ্ৰী জব্দ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । নগাঁও, হোজাই আৰু কলিয়াবৰত দীৰ্ঘদিন কৰ্মৰত আছিল শিক্ষা বিষয়া বুদ্ধ কটকী ।

স্কুল ইউনিফৰ্ম, সংখ্যালঘু ছাত্ৰবৃত্তি আৰু শিক্ষক ৰদ-বদলৰ নামতো ধন সংগ্ৰহৰ অভিযোগ আছিল কটকীৰ বিৰুদ্ধে । বহু ইউনিফৰ্মৰ ঠিকাদাৰ আৰু স্কুলৰ প্ৰধান শিক্ষকক কমিছন বিচাৰি হাৰাশাস্তি কৰাৰো অভিযোগ আছিল বুদ্ধ কটকীৰ বিৰুদ্ধে (Govt employee arrested by ACB for taking bribe) । আনহাতে, দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়া বুদ্ধ কটকীৰ সম্পত্তিৰ তদন্তৰো দাবী উত্থাপন হৈছে নগাঁৱত ।

উল্লেখ্য, ৰাজ্যত বিভিন্ন বিভাগত দুৰ্নীতি নিবাৰক শাখাই অব্যাহত ৰাখিছে বিভিন্ন বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান । আনহাতে, তাৰ মাজতো এচাম বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতিৰ লগতে কামৰ বাবদ উপঢৌকন লোৱা কাৰ্য চলাই গৈছে । তেনে এক অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগত গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ হয় আন এজন চৰকাৰী কৰ্মচাৰী ৷

কামৰ বিনিময়ত অতিৰিক্ত ধন আদায় কৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় মহানগৰীৰ সমবায় ভৱনৰ এগৰাকী কৰ্মচাৰী (Govt Employees arrested at Guwahati) ৷ ধুবুৰী জিলাৰ গৌৰীপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰকাশ চন্দ্ৰ পালৰ পৰা 5,000 টকাৰ উৎকোচ বিচাৰিছিল সমবায় ভৱনৰ কৰ্মচাৰী বিদ্যাধৰ দাসে ৷

লগতে পঢ়ক :Govt employee arrested for taking bribe: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰু এজন চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.