ETV Bharat / state

বনকৰা মহিলাৰ ধন আত্মসাত কৰি পলায়ন আৰক্ষীৰ জোৱান !

author img

By

Published : May 28, 2022, 9:44 PM IST

ৰক্ষকে লৈছে ভক্ষকৰ ৰূপ । আৰক্ষীৰ বিৰুদ্ধে উঠিছে অভিযোগ(Complaint swells against police) । বনকৰা মহিলাৰ ধন আত্মসাৎ কৰি পলায়ণ কৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ বিৰুদ্ধে(Police jawan escapes after embezzlement of maid money in Nagaon) । নগাঁও সদৰ থানাত ৰুজু হৈছে গোচৰ ।

Police jawan escapes after embezzlement of maid money
বনকৰা মহিলাৰ ধন আত্মসাতৰ অভিযোগত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ

নগাঁও,২৮ মে': এইবাৰ অসম আৰক্ষীৰ এগৰাকী জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে বনকৰা মহিলাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ(Complaint swells against police) । বনকৰা মহিলাৰ ১ লাখ টকা আত্মসাৎ কৰি ৰফিকুল ইছলাম নামৰ এজন আৰক্ষী জোৱানে কোকৰাঝাৰলৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে খাইৰুণ নেছা নামৰ এগৰাকী মহিলাই(Police jawan escapes after embezzlement of maid money in Nagaon) ।

নগাঁও আৰক্ষী ছাউনীস্থিত কোৱাৰ্টাৰত থকা বহুকেইজন আৰক্ষীৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীৰ পৰা ১ লাখ টকা ভাৰতীয় ষ্টেট বেংকত ফিক্সড ডিপ'জিট কৰাৰ নামত আত্মসাৎ কৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে । খাইৰুণ নেছাই ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

কেমেৰাৰ সন্মুখত কান্দি কান্দি নিজৰ ধন ঘূৰাই বিচৰা মহিলা গৰাকীয়ে কয় যে তেওঁ আৰক্ষীৰ কাপোৰ ধূই টকা গোটাই বেংকত জমা কৰিছিল । কিন্তু আৰক্ষী জোৱানজনে তেওঁৰ সাচতীয়া টকাকেইটা লৈ পলাই গ'ল । ইপিনে বৃদ্ধা মাতৃৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক আহ্বান জনায় খাইৰুণৰ কন্যা আজমিৰা বেগমে ।

সাধাৰণতে বনকৰা মহিলাৰ বিৰুদ্ধে সততে মালিকৰ ধন চুৰি কৰাৰ অভিযোগ উত্থাপিত হয় যদিও এইবাৰ বনকৰা মহিলাৰ ধন আত্নসাৎ কৰি মালিকে পলায়ণ কৰা কাৰ্যই নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে এই ক্ষেত্ৰত কিমান নিকাকৈ তদন্ত কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: ধুমুহাৰ তাণ্ডৱ: লখিমপুৰত বিস্তৰ ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.