বঢ়মপুৰ, 3 জুন : ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সৰবৰাহ হোৱা চুফাৰীৰ ট্ৰাককে ধৰি বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এইবাৰ ৩৬ নং ৰাষ্ট্ৰীয় পথত ৰাঙলু আৰক্ষীয়ে দাদাগিৰিৰে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । দেওবাৰে নিশা নগাঁও জিলাৰ ৰাঙলুত এখন লালীগুড়ৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ চেষ্টা চলায় ৰাঙলু আৰক্ষীয়ে ৷ লালীগুড়ৰ ব্যৱসায় বন্ধ থকাৰ পাচতো WB -53 B 6415 নম্বৰৰ ট্ৰাকখনে হোজাই জিলাৰ লংকাৰ পৰা বিহাৰলৈ বুলি কঢ়িয়াই অনাৰ সময়তে ৰাঙলুৰ উৰণীয়া সেঁতুৰ ওপৰত এখন টাটা চুমু গাড়ীত অহা আৰক্ষীয়ে আগভেটি ধৰে গুৰৰ ট্ৰাকখন ৷ ইপিনে তেনে সময়তে ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ চালকৰ পৰা সকলো নথি পত্ৰ লৈ পলায়ন কৰে । পাচত ফোনযোগে সাংবাদিকে ৰাঙলু আৰক্ষী চকীৰ বিষয়া নিৰঞ্জন মণ্ডলক ঘটনাটো অৱগত কৰাত সাংবাদিককহে ওলোটাই ধমকি দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷ এতিয়া প্ৰশ্ন হয় খোদ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়েই যদি কাৰ্য কৰে তেন্তে সাধাৰণজনৰ নিৰাপত্তাৰ ক্ষেত্ৰত সৃষ্টি হ’ব এক বৃহৎ প্ৰশ্নবোধক ৷
নগাঁৱৰ ৰাঙলুত আৰক্ষীৰ দাদাগিৰিঃ সাংবাদিকক ভাবুকি - NAGAON
ট্ৰাক চালকৰ পৰা কাঢ়ি নিলে গাড়ীৰ নথি-পত্ৰ । ফোনযোগে সাংবাদিককো ভাবুকি আৰক্ষীৰ ৷
![নগাঁৱৰ ৰাঙলুত আৰক্ষীৰ দাদাগিৰিঃ সাংবাদিকক ভাবুকি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3455533-thumbnail-3x2-gbkhn.jpg?imwidth=3840)
বঢ়মপুৰ, 3 জুন : ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সৰবৰাহ হোৱা চুফাৰীৰ ট্ৰাককে ধৰি বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এইবাৰ ৩৬ নং ৰাষ্ট্ৰীয় পথত ৰাঙলু আৰক্ষীয়ে দাদাগিৰিৰে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । দেওবাৰে নিশা নগাঁও জিলাৰ ৰাঙলুত এখন লালীগুড়ৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ চেষ্টা চলায় ৰাঙলু আৰক্ষীয়ে ৷ লালীগুড়ৰ ব্যৱসায় বন্ধ থকাৰ পাচতো WB -53 B 6415 নম্বৰৰ ট্ৰাকখনে হোজাই জিলাৰ লংকাৰ পৰা বিহাৰলৈ বুলি কঢ়িয়াই অনাৰ সময়তে ৰাঙলুৰ উৰণীয়া সেঁতুৰ ওপৰত এখন টাটা চুমু গাড়ীত অহা আৰক্ষীয়ে আগভেটি ধৰে গুৰৰ ট্ৰাকখন ৷ ইপিনে তেনে সময়তে ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ চালকৰ পৰা সকলো নথি পত্ৰ লৈ পলায়ন কৰে । পাচত ফোনযোগে সাংবাদিকে ৰাঙলু আৰক্ষী চকীৰ বিষয়া নিৰঞ্জন মণ্ডলক ঘটনাটো অৱগত কৰাত সাংবাদিককহে ওলোটাই ধমকি দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷ এতিয়া প্ৰশ্ন হয় খোদ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়েই যদি কাৰ্য কৰে তেন্তে সাধাৰণজনৰ নিৰাপত্তাৰ ক্ষেত্ৰত সৃষ্টি হ’ব এক বৃহৎ প্ৰশ্নবোধক ৷
Anchor=এইবাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ ৰূপত আৰক্ষী ।নিশা ৰাঙলু আৰক্ষীৰ দাদাগিৰি । লালিগুড়ৰৰ ডাইভাৰৰ পৰা কাঢ়ি নিলে গাড়ীৰ নথি পত্ৰ ।সাংবাদিকক দেখি পলায়ন আৰক্ষীৰ ।লালিগুৰৰ ব্যৱসায় বৰ্তমান নিষিদ্ধ থকাৰ পাছতো ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বহিঁৰাজ্যলৈ সৰবৰাহ হৈছে লালিগুড়।সাংবাদিকক ধমক ৰাঙলু আৰক্ষীচকীৰ বিষয়া নিৰঞ্জন মণ্ডলৰ ।
Body: V/o=৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সৰবৰাহ হোৱা চুফাৰীৰ ট্ৰাককে ধৰি বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠি অহাৰ সময়তে এইবাৰ ৩৬ নং ৰাষ্ট্ৰীয় পথত ৰাঙলু আৰক্ষীয়ে দাদা গিৰিৰে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ।দেওঁবাৰৰ নিশা নগাঁও জিলাৰ ৰাঙলুত এখন লালিগুৰৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ চেষ্টা চলাই ।উল্লেখ্য যে বৰ্তমান সময়ত লালিগুৰৰ ব্যৱসায় বন্ধ থকাৰ পিছতে WB -53 B 6415 নম্বৰৰ ট্ৰাক খনে হোজাই জিলাৰ লংকাৰ পৰা বিহাৰলৈ বুলি কঢ়িয়াই আনে বৃহৎ পৰিমানৰ গুৰ ।ৰাঙলুৰ উৰণীয়া সেঁতুৰ ওপৰত এখন টাটা চুমু গাড়ীত অহা আৰক্ষীয়ে আগুচি ধৰে গুৰৰ ট্ৰাক খন ।তেনে সময়তে ঘটণাস্থলিত সাংবাদিক উপস্থিত হোৱাত আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ সকলো নথি পত্ৰ লৈ পলায়ন কৰে।পিছত ফোনৰে সাংবাদিকে ৰাঙলুআৰক্ষী চকীৰ বিষয়া নিৰঞ্জন মণ্ডলক ঘটণাটো অৱগত কৰাত সাংবাদিকক হে ওলোটাই ধমকি দিয়ে ।
Byte=ট্ৰাক ডাইভাৰ
Conclusion:V/o=এই সমূহ ঘটণাই আৰক্ষীৰ পৃষ্ঠপোষকতাত কেনেদৰে অবৈধ্য সামগ্ৰী সমূহ কিদৰে বৈধ্য হৈ নিতৌ সৰবৰাহ হৈ আছে তাকে প্ৰমাণ কৰিলে ।চৰকাৰ তথা উচ্চপদস্থ আৰক্ষী বিষয়াই বিষয়টো কিদৰে লয় সেইটোহে লক্ষণীয় হব ।
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam