ETV Bharat / state

New medical colleges in Assam: ১৪ এপ্ৰিলত ৰাজ্যত মুকলি হ’ব তিনিখনকৈ মেডিকেল কলেজ

author img

By

Published : Apr 5, 2023, 10:57 PM IST

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ দিনতে ৰাজ্যবাসীয়ে লাভ কৰিব তিনিখনকৈ চিকিৎসা মহাবিদ্যালয় । ১৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিব নগাঁও, কোকৰাঝাৰ, নলবাৰী মেডিকেল কলেজ । তৎপৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Three new medical colleges will be established) ।

Three new medical colleges will be in Assam
১৪ এপ্ৰিলত ৰাজ্যবাসীয়ে পাব তিনিখনকৈ মেডিকেল কলেজ

নগাঁও, 5 এপ্ৰিল : ৰাজ্যত নিৰ্মীয়মান অৱস্থাত থকা তিনিখনকৈ চিকিৎসা মহাবিদ্যালয় শুভাৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) উদ্বোধনৰ সময়তে 'ভাৰ্চুৱেল' মাধ্যমেৰে শুভ উদ্বোধন কৰিব নগাঁও মেডিকেল কলেজৰ লগতে কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজ ।

মেডিকেল কলেজ তিনিখন শুভাৰম্ভ কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে যদিও শুভাৰম্ভৰ প্ৰস্তুতিৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে স্বাস্থ্য কেশৱ মহন্তই । কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজৰ লগতে শুভাৰম্ভ কৰিব লগা নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয় বুধবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health minister visited Nagaon medical college) ।

বুধবাৰে নগাঁৱৰ মহখুলিস্থিত চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ উদ্বোধনৰ পূৰ্বৰ অন্তিম পৰ্যায়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ পাচতে মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ সভাকক্ষত জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হৈ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে ।

নগাঁৱৰ জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়া, জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্ত, নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ মিহিৰ কুমাৰ গোস্বামী, অতিৰিক্ত অধীক্ষক ডাঃ ববীজিৎ গোস্বামী, উপ অধীক্ষক ডাঃ প্ৰসেনজিৎ দেৱনাথ আৰু বিভাগসমূহৰ মূৰব্বী অধ্যাপকসকলৰ লগতে লোক নিৰ্মাণ (গৃহ) বিভাগৰ অভিযন্তায়ো অংশগ্ৰহণ কৰা এই বৈঠকত উদ্ধোধনৰ দিনা এইমছত অনুষ্ঠিতব্য মূল অনুষ্ঠানৰ সমান্তৰালকৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ত আয়োজন কৰিব লগা উদ্বোধনী অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় (Health minister Keshab Mahanta in Nagaon) ।

চিকিৎসা মহাবিদ্যালয়খনৰ উদ্বোধনী অনুষ্ঠান জিলাবাসীৰ বাবে এক অতি মহত্বপূৰ্ণ কাৰ্যসূচী বুলি উল্লেখ কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠান যাতে নিয়াৰিকৈ সম্পন্ন হয়, সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ লগতে চিকিৎসা মহাবিদ্যালয়, জিলা স্বাস্থ্য বিভাগ, লোক নিৰ্মাণ (গৃহ) বিভাগকে ধৰি বিভিন্ন বিভাগীয় বিষয়াসকলক কেতবোৰ নিৰ্দেশনা আগবঢ়ায় ।

উল্লেখযোগ্য যে, নগাঁও মেডিকেল কলেজ শুভাৰম্ভৰ পিছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন কৰি ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খন বন্ধ কৰি দিয়াৰ আশংকা প্ৰকাশ কৰিছে একাংশই । কিন্তু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খন ভোগেশ্বৰী ফুকননী নগৰীয়া স্বাস্থ্য কেন্দ্ৰ হিচাপে চিকিৎসা সেৱা অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (BP Civil hospital in Nagaon) ।

লগতে পঢ়ক : Rupjyoti Kurmi controversy: মমতাজ ছাহজাহানৰ প্ৰেম সন্দৰ্ভত তদন্তৰ পোষকতা বিধায়ক ৰূপজ্যোতিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.