ETV Bharat / state

পি এম কিষাণ আচঁনিৰ ধনেৰে অসমত কোনে গঢ়িলে সম্পত্তিৰ পাহাৰ ?

author img

By

Published : Oct 5, 2021, 4:43 PM IST

ধিঙত পি এম কিষাণ আচঁনিৰ নামত সংঘটিত কোটি টকীয়া কেলেংকাৰী ৷ পিএছপিৰ স্বত্বাধিকাৰীয়ে কেনেদৰে গঢ়িলে সম্পত্তিৰ পাহাৰ ৷

pm kishan scam
পি এম কিষান আচঁনিৰ ধনেৰে অসমত কোনে গঢ়িলে সম্পত্তিৰ পাহাৰ ?

চামগুৰি, 5 অক্টোবৰ : দেশৰ দৰিদ্ৰ কৃষকৰ বাবে ৰূপায়ন কৰা এটি বিশেষ আচঁনি ৷ নাম-প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনি অথবা 'পি এম কিষাণ আচঁনি' । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত অথাৎ ২০১৮ চনত বলবত হোৱা এই আচঁ‌নিখন ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখে শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে । অসমত এই আচঁনিত নাম অন্তৰ্ভুক্ত হৈছিল মুঠ ২৭,০৯,৯৮৫ গৰাকী কৃষকৰ ।

সেই অনুসৰি প্ৰতিগৰাকী কৃষক পৰিয়ালে প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ অৰ্থাৎ বছৰি ৬০০০ টকাকৈ লাভ কৰিব । সেই হিচাপত আজি পৰ্যন্ত এজন এজন কৃষকে লাভ কৰিছে ৮ ৰ পৰা ১০ হেজাৰ টকা পৰ্যন্ত আচঁনিৰ ধন । সকলো ঠিকেই আছিল কিন্তু এই আচঁনিৰ নামত সমগ্ৰ ৰাজ্যজুৰি সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ।

আচঁনিৰ নামত সমগ্ৰ ৰাজ্যতে কেলেংকাৰী সংঘটিত হোৱাৰ সময়তে ৰাজ্যৰ এখন পঞ্চায়তত সংঘটিত হৈছে এটা বৃহৎ কেলেংকাৰী ৷ এই ভয়ংকৰ কেলেংকাৰীত ধিং গ্ৰামীণ বিকাশ বেংকৰ অন্তৰ্গত দুখনকৈ আৰু ধিং ষ্টেট বেংকৰ এখন চি এছ পি জড়িত থকাৰ গুৰুতৰ অভিযোগ উখাপন হৈছে ।

অভিযোগ মতে, এক কোটি, দুই কোটি টকা নহয়, নগাঁও জিলাৰ ধিঙৰ লহকৰ ঘাট গাঁও পঞ্চায়তত পি এম কিষাণ আচঁনি আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত সংঘটিত হৈছে প্ৰায় ২০ কোটি টকাৰ ভয়ানক কেলেংকাৰীৰ ঘটনা ।

ধিং লহকৰ গাঁৱৰ গ্ৰামীণ বিকাশ বেংক-ধিং এচ বি আই বেংকৰ চি এছ পিৰ স্বত্বাধিকাৰী আবুকালাম আৰু একেই বেংকৰ চি এছ পিৰ স্বত্বাধিকাৰী তথা আবু তাহেৰেৰ পত্নী নাজিমা বেগমে এটা দুষ্ট চক্ৰক লগত লৈ নগাঁও জিলাৰ কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সহযোগত বিগত তিনিটা বছৰে ভুৱা একাউণ্ট আৰু বিভিন্ন জালিয়াতিৰে বিশেষকৈ পি এম কিষাণ আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধনৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে মঙলবাৰে স্থানীয় শতাধিক ৰাইজে চি এছ পি আৰু দুই স্বত্বাধিকাৰৰ তথা দুই ভাতৃৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইয়াৰোপৰি ইমান কম সময়ত দুয়ো কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে বুলিও প্ৰশ্নৰ উত্থাপন কৰিছে ৰাইজে ৷ ইয়াৰ লগতে এই কেলেংকাৰীত জড়িত থকা সকলৰ ওপৰত ৰাইজে অতি শীঘ্ৰে তদন্ত ক্ৰমে শাস্তিৰ দাবী জনাইছে চৰকাৰক ।

লগতে পঢ়ক : লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.