ETV Bharat / state

প্ৰধানমন্ত্ৰী কৃষান সন্মান নিধিত ব্যাপক দুৰ্নীতিঃ আমতলাত ৰাইজৰ ক্ষোভ - PM kishan sanman nidhi corruption in Amtola Nagaon district etv Bharat Assam

আমতলা পঞ্চায়তৰ তালিকাত জনপ্ৰতিনিধি আৰু তেওঁৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে, চৰকাৰী চাকৰিয়ালৰ নাম আৰু প্ৰকৃত কৃষকৰ বিপৰীতে ভুৱা কৃষকৰ নাম অন্তৰ্ভুক্ত হোৱা বাবে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোত ৰাইজ ।

PM kishan sanman nidhi corruption in Amtola Nagaon district
আমতলা পঞ্চায়তৰ প্ৰধানমন্ত্ৰী কৃষান সন্মান নিধিত ব্যাপক দুৰ্নীতি
author img

By

Published : May 8, 2020, 8:09 PM IST

ৰহা, 8 মেঃ ৰহা উন্নয়ন খণ্ডৰ আমতলা পঞ্চায়তৰ সভানেত্ৰী টুটুমনি দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ ৰহা কৃষি মহকুমাৰ অন্তৰ্গত আটাইবোৰ পঞ্চায়ততে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বিশেষকৈ আমতলা পঞ্চায়তৰ তালিকাত জনপ্ৰতিনিধি আৰু তেওঁৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে, চৰকাৰী চাকৰিয়ালৰ নাম আৰু প্ৰকৃত কৃষকৰ বিপৰীতে ভুৱা কৃষকৰ নাম অন্তৰ্ভুক্ত হোৱা বাবে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোত ৰাইজ ।

PM kishan sanman nidhi corruption in Amtola Nagaon district
আমতলা পঞ্চায়তৰ প্ৰধানমন্ত্ৰী কৃষান সন্মান নিধিত ব্যাপক দুৰ্নীতি

উল্লেখ্য যে, পঞ্চায়তৰ সভাপতি টুটুমনি দাস আৰু ৱাৰ্ড সদস্য পংকজ মেধীৰ লগতে প্ৰতিনিধিৰ পৰিয়ালৰ সদস্যৰ নামো কিষাণ নিধিত অৰ্ন্তভুক্ত হোৱাৰ ফলত বঞ্চিত হৈছে বহু সংখ্যক প্ৰকৃত কৃষক ৷ ইফালে পঞ্চায়ত সভানেত্ৰী টুটুমনি দাসে তেওঁৰ, স্বামী বগাধৰ দাস আৰু পুত্ৰ উৎপল দাসৰ নাম তালিকাত থকাৰ কথা সাংবাদিকৰ আগত স্বীকাৰ কৰে।

এতিয়া ৰাজ্যত চলি থকা এই ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কেৱল তদন্ত ঘোষণা কৰিয়েই দ্বায়িত্ব সামৰিব নেকি কৃষি মন্ত্ৰীগৰাকীয়ে ? নে স্বাৰ্থলোভী পঞ্চায়ত প্ৰতিনিধিসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.