নগাঁও,19 ডিচেম্বৰ : ‘‘তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ধন, জন, শক্তি প্ৰয়োগ কৰি আসন দখল কৰিছে’’ । এই বিস্ফোৰক মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ । নগাঁৱত সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰি অগপৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে কয় যে , ই গণতন্ত্ৰৰ বাবে এক সকিয়নী । গণতন্ত্ৰত বিশ্বাসী ৰাজনৈতিক দলবিলাকে অসমৰ স্বাৰ্থত অসমৰ বিভিন্ন শ্ৰেণীৰ জনগণক একগোট কৰি বৃহৎ অসমীয়া জাতি গঠন কৰাৰ প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ পৰা নীৰৱে থকা পৰিলক্ষিত হৈছে ।
ইফালে অগপ দলৰ বৰ্তমানৰ নেতৃত্ব বিজেপিৰ ওচৰত প্ৰায় আত্মসমৰ্পণ কৰিছে বুলি আন এক বিস্ফোৰক মন্তব্য কৰি অগপ দল ক্ষতিগ্ৰস্ত হৈছে বুলি অভিহিত কৰে প্ৰফুল্ল কুমাৰ মহন্তই ।
লগতে পঢ়কঃ কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ