ৰহা,17 ডিচেম্বৰ : মদ-মাংস বিলাই বিজেপিয়ে তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বুলি সাংসদ প্ৰদ্যুৎ বৰদলৈ কৰা মন্তব্যৰ পাছতে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ৷ হাজৰিকাই বৃহস্পতিবাৰে তিৱা পৰিষদৰ নিৰ্বাচনত ৰহাৰ মৰাকলং কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি প্ৰদ্যুৎ বৰদলৈক ধিক্কাৰ দিয়ে ৷
তদুপৰি ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ কৰা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি লুৰিণ জ্যোতি গগৈৰ এজেপিত যোগদানে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই ৷ তদুপৰি আছু বৰ্তমান এটা ৰাজনৈতিক দল বুলি ভাষ্য আগবঢ়ায় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : মদ-মাংস বিলাই তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপিয়ে:সাংসদ প্ৰদ্যুৎ বৰদলৈ