নগাঁও, 18 জুলাই : অসম আৰক্ষীক নিৰুৎসাহিত কৰাসকলৰ গুলি খোৱা অপৰাধীৰ সৈতে সম্পৰ্ক আছে ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ৰ । দেওবাৰে নগাঁৱৰ বঢ়মপুৰৰ ড্ৰাগছ দাহন কাৰ্যত উপস্থিত থাকি বিৰোধীক কটাক্ষ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । বিৰোধী কংগ্ৰেছ (Congress)ক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে অসম আৰক্ষীৰ (Assam Police) প্ৰশংসাত পঞ্চমুখ হৈ পৰে জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika) ।
অসম আৰক্ষী (Assam Police)ৰ ওপৰত ভৰসা নথকাৰ কথা কোৱা অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress)ৰ এগৰাকী শীৰ্ষ নেতাই অসম আৰক্ষী (Assam Police)ৰ নিৰাপত্তাৰ মাজত থাকে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika)ই । কংগ্ৰেছৰ নেতাগৰাকীৰ যদি অসম আৰক্ষী (Assam Police)ৰ ওপৰত ভৰসা নাই তেন্তে অসম আৰক্ষী (Assam Police)ৰ নিৰাপত্তা ত্যাগ কৰি উদাহৰণ দেখুৱাবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika) ।
মন্ত্ৰী হাজৰিকাই (Pijush Hazarika) লগতে ড্ৰাগছকে (Drugs) ধৰি সকলো প্ৰকাৰৰ অপৰাধ (Crime), ছিণ্ডিকেট (Syndicate)ৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika) কোনো কাৰণত অসমত ছিণ্ডিকেট চলিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে ।
লগতে পঢ়ক : যোৰহাটবাসীৰ বাবে সকাহ: প্ৰথমবাৰলৈ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ