নগাঁও, 19 জানুৱাৰী : বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান । অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আসামৰ সহযোগত প্ৰদান কৰা হয় এই বঁটা ।
বঁটা গ্ৰহণ কৰি বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাই আন্তঃৰাষ্ট্ৰীয় বঁটাতকৈ অমূল্য মান্না বঁটা কম নহয় বুলি মন্তব্য প্ৰদান কৰে । বিশিষ্ট আলোকচিত্ৰ শিল্পী প্ৰয়াত অমূল্য মান্নাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি মঙলবাৰে অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হয় ।
নগাঁৱৰ কিশালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মঙলবাৰে এই বঁটা প্ৰদান কৰা হয় 90 বছৰত ভৰি দিয়া তেজপুৰৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক । নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই আঁতধৰা অনুষ্ঠানত বিশিষ্ট আলোকচিত্ৰ শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডঃ হীতেশ ডেকাই ।
লগতে পঢ়ক : আগন্তুক নিৰ্বাচনত নগাঁৱত শূণ্য হ'ব বিজেপি: ৰাইজৰ দল
অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত প্ৰদান কৰা অমূল্য মান্না আলোকচিত্ৰ বঁটা গ্ৰহণ কৰি দিয়া ভাষণত নলিনীকান্ত বৰুৱাই কয় যে, মই 90 বছৰত ভৰি দিলো কিন্তু এতিয়াও এখন ভাল ফটো তোলাৰ অপেক্ষাত আছো । লগতে, অমূল্য মান্না বঁটা আন্তঃৰাষ্ট্ৰীয় বঁটাতকৈ কম নহয় বুলিও মন্তব্য কৰে বিশিষ্ট আলোকচিত্ৰ শিল্পী গৰাকীয়ে ।
সভাত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ডঃ আবু হানিফাও উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই অমূল্য মান্নাৰ পুত্ৰ তথা বিশিষ্ট চলচিত্ৰ নিৰ্মাতা অৰূপ মান্নাই ।
লগতে পঢ়ক : অহা ২৩ জানুৱাৰীত আয়ুস্মান চিএপিএফ স্বাস্থ্যসেৱা আঁচনি উদ্বোধন কৰিব অমিত শ্বাহে