ETV Bharat / state

কাৰাগাৰৰ ভিতৰতো চলে ধনৰ লেন-দেন !

author img

By

Published : Sep 29, 2021, 12:10 PM IST

Updated : Sep 29, 2021, 12:29 PM IST

উৎকোচ লৈ একাংশ কয়দীক ভুৱা স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি জামিন দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ এজন কাৰাগাৰৰ স্বাস্থ্য কৰ্মী ৷ শেহতীয়াকৈ কাৰাৰুদ্ধ ড্ৰাগছ সৰবৰাহকাৰীক সহায় কৰি ফাৰ্মাচিষ্টজনে 20 হাজাৰ টকা বিচৰাৰ তথ্য পোহৰলৈ আহিছে ৷ মঙলবাৰে সন্ধিয়া অভিযান চলাই ফাৰ্মাচিষ্টজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ পিছে কোনখন কাৰাগাৰত চলিছে বৃহৎ পৰিমাণৰ ধনৰ লেন-দেন, সবিশেষ পঢ়ক...

bribery-in-nagaon-special-jail
নগাঁৱৰ কাৰাগাৰত ধনৰ লেন-দেন

নগাঁও, 29 ছেপ্তেম্বৰ : কাৰাগাৰৰ ভিতৰতো চলে নেকি ধনৰ লেন-দেন ! কিয়নো ধনৰ বিনিময়ত একাংশ কয়দীয়ে চিকিৎসালয়ৰ সুবিধা লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ ধনৰ বিনিময়ত ভুৱা স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰৰ জৰিয়তে জামিনো লাভ কৰিছে একাংশ কয়দীয়ে । শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে নগাঁও জিলাত ।

কয়দীক ভুৱা স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ দিয়া কাৰাগাৰৰ এগৰাকী স্বাস্থ্য কৰ্মী জালত পৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(Team Anand Mishra) বাহিনীৰ । স্বাস্থ্য পৰীক্ষাৰ ভুৱা প্ৰমাণ পত্ৰৰে একাংশ কয়দীক জামিন লাভ কৰাত সুবিধা কৰি দিয়া নগাঁও বিশেষ কাৰাগাৰ(Nagaon Special Jail)ৰ এগৰাকী স্বাস্থ্য কৰ্মীক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষী(Nagaon Police)য়ে ৷

নগাঁৱৰ কাৰাগাৰত ধনৰ লেন-দেন

মঙলবাৰে সন্ধিয়া ভাগত মনাই দেউৰী নামৰ ফাৰ্মাচিষ্টজনক কয়দীক ভুৱা প্ৰমাণ পত্ৰ প্ৰদানৰ নামত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(Anand Mishra)ই কয় যে, অভিযুক্ত মনাই দেউৰীয়ে কাৰাবন্দীসকলক ভুৱা স্বাস্থ্যৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়ে ।

কাৰাবন্দীসকল বেমাৰত নপৰিলেও বেমাৰত পৰাৰ কাৰণ দেখুৱাই তেওঁলোকক স্বাস্থ্যৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়ে আৰু কয়দীসকলক জামিন লোৱাত সহায় কৰে । শেহতীয়াকৈ কাৰাৰুদ্ধ ড্ৰাগছ সৰবৰাহকাৰীকো এনেদৰে সহায় কৰাৰ বিনিময়ত ফাৰ্মাচিষ্টজনে 20 হাজাৰ টকা বিচৰাৰ ৰহস্য ফাদিল হৈছে ।

লগতে পঢ়ক : গোলাঘাটত মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ

ধন বিচৰা কথোপকথনৰ ফোন ৰেকৰ্ডিং ইতিমধ্যে আৰক্ষীৰ হাতত পৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ অভিযুক্ত মনাই দেউৰীৰ ঘৰ মাজুলীত ৷ বিগত সাত বছৰ ধৰি নগাঁও বিশেষ কাৰাগাৰত কৰ্মৰত হৈ আছিল ফাৰ্মাচিষ্টজন । আৰক্ষী অধীক্ষক মিশ্ৰই জনোৱা মতে, লোকজনে গুৱাহাটীটো এটা ঘৰ সাজি ভাড়া দি থৈছে । ইফালে নগাঁৱত চৰকাৰী আৱাসত থাকে অভিযুক্ত দেউৰী ।

নগাঁও বিশেষ কাৰাগাৰৰ ফাৰ্মাচিষ্টজনৰ এই দুষ্কাৰ্য কৌশলৰে এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়াৰ জৰিয়তে পোহৰলৈ অনাৰ পিচত ফাৰ্মাচিষ্টজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ফাৰ্মাচিষ্টজনে উৎকোচ লৈ কাৰাবন্দীসকলক ভুৱা স্বাস্থ্যৰ প্ৰমাণ পত্ৰ উলিয়াই দি চিকিৎসালয়ত ভৰ্তি হোৱাত বা চিকিৎসাজনিত সুবিধা লাভ কৰাত সহায় কৰি আহিছিল ৷

তদুপৰি কাৰাবন্দীসকলক এনেধৰণৰ ভুৱা স্বাস্থ্যৰ প্ৰমাণ পত্ৰৰ জৰিয়তে জামিন লাভ কৰাতো সহায় কৰিছিল ধৃত ফাৰ্মাচিষ্টজনে । ইফালে আটক হোৱা অভিযুক্তজনৰ সৈতে জড়িত অন্য অভিযুক্তসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে তীব্ৰ অভিযান চলাব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

এনে দুষ্কাৰ্যৰ সৈতে জড়িত কোনেও ৰেহাই নাপাব বুলিও হুংকাৰ প্ৰদান কৰি শীঘ্ৰেই তেওঁলোকক ৰঙাঘৰৰ আলহী কৰিব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

Last Updated : Sep 29, 2021, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.