ETV Bharat / state

HSLC result 2022: সাফল্যৰ আনন্দৰ ভাগ ল’বলৈ অপেক্ষা নকৰিলে পাৰভিচে

author img

By

Published : Jun 7, 2022, 8:03 PM IST

শোকাকুল পৰিৱেশে বিৰাজ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হোৱা কামপুৰৰ পাৰভিচৰ ঘৰত ৷ সন্তানৰ পৰা আশানুৰুপ ফলাফল লাভ কৰাৰ লগে লগে হিয়াধাকুৰি কান্দিলে পিতৃ-মাতৃয়ে (Mournful atmosphere instead of joy) ৷

HSLC result 2022
সাফল্যৰ আনন্দৰ ভাগ ল’বলৈ অপেক্ষা নকৰিলে পাৰভিচে

বঢ়মপুৰ, 7 জুন: মঙলবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল (HSLC result 2022)৷ আশানুৰূপ ফলাফল লাভ কৰা শিক্ষাৰ্থীসকলৰ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলতে দেখা গ’ল আনন্দৰ বন্যা ৷ সফল পৰীক্ষাৰ্থীৰ পিতৃ-মাতৃ, আত্মীয়ৰ মুখত সন্তুষ্টিৰ হাঁহি ৷

শৈক্ষিক জীৱনৰ প্ৰথমটো ডেওনা সফলতাৰে পাৰ হোৱা ক্ষণত আনন্দৰ পৰিৱৰ্তে কামপুৰৰ পাৰভিচ আহমেদ নামৰ পৰীক্ষাৰ্থীগৰাকীৰ বাসগৃহত শুনা গ’ল কান্দোনৰ ৰোল (Mournful atmosphere instead of joy at Parvis Ahmeds house) ৷ সন্তানৰ ভাল ফলাফল লাভ কৰিও কান্দোন ৰখাব পৰা নাই পাৰভিচৰ পিতৃ-মাতৃয়ে ৷ ঘৰখনৰ ভিতৰে-বাহিৰে কেৱল হিয়াভঙা কান্দোনৰ ৰোল ৷ থোকাথুকি মাতেৰে পিতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত ক’লে, ‘‘ষ্টাৰ মাৰ্ক পাই উত্তীৰ্ণ হৈছে; কিন্তু সময় নহওতেই নিয়তিয়ে লৈ গ’ল তেওক ৷’’

বহু সপোন সন্মুখত লৈ অৱতীৰ্ণ হোৱা পৰীক্ষাটোৰ ফলাফল ল’বলৈ নাথাকিল কামপুৰৰ পাৰভিচ আহমেদ (Pervis no more to know his HSLC exam results) ৷ সোমবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ন হয় পাৰভিচ আহমেদ নামৰ ছাত্ৰজনে ৷ কিন্তু ইতিপূৰ্বে ৯ মে'ত কপিলী নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লৈছিল কৃৰ্তি ছাত্ৰজনে (Kampur student died in river) ৷ ছাত্ৰজনৰ এই মৃত্যুক স্বাভাৱিকতেই সহজভাৱে মানি ল’ব পৰা নাই পিতৃ-মাতৃৰ লগতে পৰিয়াল বৰ্গই ৷

সেয়ে একমাত্ৰ সন্তানে শৈক্ষিক জীৱনৰ প্ৰথমটো জটিল পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱাৰ দিনটোত পিতৃ চাহাব উদ্দিন আৰু পাৰবিনা বেগমে পুত্ৰ শোকত ভাগি পৰিছে ৷ পিতৃ-মাতৃ, পৰিয়ালবৰ্গৰ লগতে শোকত ভাগি পৰিছে বিদ্যালয় কৰ্তৃপক্ষও ৷

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.