ETV Bharat / state

পূৰ্বৰ সংঘাত পাহৰি অসম সমবায় মৰাপাট কল ৰক্ষাৰ পদক্ষেপ কৰ্তৃপক্ষৰ

পূৰ্বৰ সকলো সংঘাত পাহৰি অসম সমবায় মৰাপাট কলটোক জীয়াই ৰখাৰ স্বাৰ্থত, পুনৰ আগুৱাই আহিবলৈ সাজু কল কৰ্তৃপক্ষৰ লগতে শ্ৰমিক সকল ৷

অসম সমবায় মৰাপাট কল
অসম সমবায় মৰাপাট কল
author img

By

Published : Nov 3, 2020, 10:18 AM IST

কলিয়াবৰ, 3 নৱেম্বৰ: অসম সমবায় মৰাপাট কল পৰিচালক আৰু শ্ৰমিকৰ মাজত সংঘাত ৷ কল কৰ্তৃপক্ষৰ বিপক্ষে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত কলটোৰ ভৱিষ‍্যতক লৈ কৰ্তৃপক্ষ, শ্ৰমিক-কৰ্মীপক্ষ আৰু কলিয়াবৰবাসী ৰাইজ সম্প্ৰতি চিন্তিত ৷ তাৰ মাজতে সমাধানৰ বাট উলিওৱাত ব‍্যস্ত মৰাপাট কলৰ শ্ৰমিক-কল প্ৰৱন্ধন গোষ্ঠী ৷ পূৰ্বৰ সকলো সংঘাত পাহৰি কলটোক জীয়াই ৰখাৰ স্বাৰ্থত পুনৰ আগুৱাই আহিবলৈ সাজু তেওঁলোক ৷

পূৰ্বৰ সংঘাত পাহৰি অসম সমবায় মৰাপাট কল ৰক্ষাৰ পদক্ষেপ কৰ্তৃপক্ষৰ

কলটোৰ প্ৰৱন্ধন পৰিচালকে জানিবলৈ দিয়া অনুসৰি, ক'ভিড-19 ৰ সময়ছোৱাত দৰমহা কৰ্তনৰ ব‍্যৱস্থা কেৱল শ্ৰমিকসকলৰ বাবেই প্ৰযোজ‍্য হোৱাৰ যিটো অভিযোগ শ্ৰমিকসকলে তুলিছে সেইয়া কিছুমান ভুল বুজাবুজিহে আছিল ৷ সেই টকা উচ্চ পদস্থ বিষয়াৰ পৰা সকলো কৰ্মচাৰীৰে কৰ্তন কৰা হৈছিল ৷ কৰ্তন কৰা সমুদায় দৰমহা বৰ্তমান কৰ্তৃপক্ষই জমা ৰাখি কলটোৰ বিত্তীয় অৱস্থা টনকীয়াল হ'লে শ্ৰমিক-কৰ্মচাৰী, বিষয়াবৰ্গক ওভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে কলটোৰ ভৱিষ‍্যতৰ প্ৰতি লক্ষ‍্য ৰাখি ইতিমধ‍্যে শ্ৰমিকসকলেও অনতিপলমে মৰাপাট যোগান ধৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.