ETV Bharat / state

24x7 water supply in Nagaon: নগাঁৱত মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিশ্ৰুতি - 24x7 water supply in Nagaon

অমৰুট আঁচনিৰ অধীনত ২৪ ঘণ্টাই পানী লাভ কৰিব নগাঁও পৌৰ এলেকাৰ লোকে (24x7 water supply in Nagaon)। ৰাজ্যখনৰ ভিতৰতে অন্যতম চহৰ হিচাপে পৰিগণিত হ'ব নগাঁও চহৰ । নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ ৷

Water supply in Nagaon
নগাঁৱত মন্ত্ৰী অশোক সিংঘালে বোৱালে প্ৰতিশ্ৰুতিৰ বন্যা
author img

By

Published : Mar 2, 2022, 9:52 PM IST

নগাঁও, 2 মাৰ্চ: অমৰুট আঁচনিৰ অধীনত ২৪ ঘণ্টাই পানী লাভ কৰিব নগাঁও পৌৰ এলেকাৰ লোকে (24x7 water supply in Nagaon)। ৰাজ্যখনৰ ভিতৰতে অন্যতম চহৰ হিচাপে পৰিগণিত হ'ব নগাঁও চহৰ । সমাগত নগাঁও পৌৰসভা নিৰ্বাচনত বিজেপি মিত্ৰজোটে আশাপ্ৰদ ফলাফল লাভ কৰিব । এই মন্তব্য জলসিঞ্চন, নগৰ উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ (Minister Ashok Singhal in Nagaon)।

বুধবাৰে বিয়লি নগাঁৱত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে, ‘‘পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলে এই কথা প্ৰমাণ কৰি দিব যে ৰাইজ বিজেপিৰ লগত, মিত্ৰজোঁটৰ লগত আছে ।’’ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি তেওঁ কয়- ‘‘মুখ্য মন্ত্ৰী ড৹ শৰ্মাৰ নেতৃত্বত অসমত অভূতপূৰ্ব উন্নয়ন হৈছে । ৰাজ্যখনৰ নগৰ-চহৰসমূহৰো উন্নয়ন হৈছে । আমাৰ চৰকাৰে নগৰ চহৰসমূহত ভাল ট্ৰেফিক ব্যৱস্থাৰ বাবে পদক্ষেপ গ্ৰহন কৰিছে । ইয়াৰ উপৰিও বৃক্ষ ৰোপনৰ ব্যৱস্থা কৰা হৈছে ।’’ মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘‘যিবোৰ নগৰ চহৰত স্বচ্চ ভাৰত প্ৰকল্প নাই, সেইসমূহ চহৰক শীঘ্ৰে এই প্ৰকল্পত সামৰি লোৱা হ’ব । তদুপৰি ৰাজ্যখনৰ সকলোবোৰ চহৰত ২৪ ঘণ্টাই পানী যোগান ধৰা হ’ব । ইতিমধ্যে গ্ৰামীণ অঞ্চলত জল জীৱন মিশ্যনৰ অধীনত পানী দিয়াৰ ব্যবস্থা কৰা হৈছে । অমৰুট আঁচনিৰ অধীনত নগৰ চহৰসমূহত ২৪ ঘণ্টাই পানী যোগান ধৰা ব্যৱস্থা হ’ব ।’’

নগাঁৱত মন্ত্ৰী অশোক সিংঘালে বোৱালে প্ৰতিশ্ৰুতিৰ বন্যা

সংবাদমেলত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, যিসমূহ নগৰ চহৰৰ য’ত য’ত ষ্ট্ৰীট লাইট নাই বা য'ত য'ত ষ্ট্ৰীট লাইটৰ প্ৰয়োজন তাত লাইটৰ ব্যৱস্থা কৰা হ’ব । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে বিগত সময় চোৱাত বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত নগাঁৱত যথেষ্ট উন্নয়ন হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়- 'নগাঁও চহৰৰ গাতে লাগি থকা মৰিকলং বিলক সৌন্দৰ্য বৰ্ধন কৰি পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে । ইয়াৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় প্ৰকল্পৰ অনুমোদন দিয়া হৈছে । ইয়াৰ কাম নিবিদাৰ প্ৰৰ্যায়ত আছে । এই প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰা হব ।

নগাঁও চহৰক ৰাজ্যখনৰ ভিতৰতে পৰিস্কাৰ পৰিছন্ন চহৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব । চহৰখনৰ জাবৰ-জোঁথৰ নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি নগাঁও চহৰক এখন সুন্দৰ চহৰ হিচাপে গঢ়ি তোলাৰ চিন্তা চৰ্চা অব্যাহত আছে । নগাঁও চহৰক লৈ স্বচ্ছ ভাৰত মিশ্যনৰ অধীনত প্ৰকল্প ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । নগাঁও চহৰৰ যিবোৰ স্থানত ষ্ট্ৰীট লাইট নাই সেইবোৰ স্থানত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয়- নগাঁও চহৰত ইতিমধ্যে এটা ভাল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে । প্ৰয়োজন হলে আৰু এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ ব্যবস্থা কৰা হ’ব । মন্ত্ৰীগৰাকীয়ে নগাঁও চহৰত অমৰুট আঁচনিৰ অধিনত ২৪ ঘণ্টাই পানী যোগানৰ এক প্ৰকল্পৰ কাম চলি থকাৰ কথা উল্লেখ কৰি কয়- এই প্ৰকল্পৰ কাম এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব ।

সংবাদ মেলত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ আদিও উপস্থিত থাকে ।

লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আদালতত গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.