ETV Bharat / state

শাৰিৰীক অসুস্থতা আৰু আশ্ৰয়হীনতাই জুৰুলা কৰা এগৰাকী লোক

নগাঁও জিলাৰ কঠিয়াতলীৰ মনোহৰ গাঁৱৰ এগৰাকী 50ৰ উৰ্ধৰ ব্যক্তিৰ শাৰিৰীক অসুস্থতা আৰু আৰ্থিক অনাটনে সংকটত পেলাইছে তেওঁক ৷ লোকজনক সহায়ৰ বাবে আগবাঢ়ি আহিল গাঁওখনৰে কেইগৰাকীমান যুৱক ৷

pathetic condition of an old man of nagaon

author img

By

Published : Jun 13, 2020, 1:35 PM IST

বঢ়মপুৰ, 13জুনঃ সুদীৰ্ঘ দিনে এখন সৰু দোকানৰ ভিতৰত এসাজ খাই এসাজ লঘুণে থাকি জীৱন সংগ্ৰাম কৰি গৈছে এগৰাকী 50 ৰ উৰ্ধৰ ব্যক্তিয়ে ৷ লোকজন নগাঁও জিলাৰ কঠিয়াতলীৰ মনোহৰ গাঁৱৰ তিলক দাস ৷ তিলক দাস নামৰ লোকজন আশ্ৰয়হীন হোৱাৰ লগতে শাৰিৰীকভাৱেও সক্ষম ৷ কোনো দুৰ্ঘটনাত বহু বছৰ আগতে তেওঁৰ এখন ভৰি অচল হৈ পৰে ৷ বহু বছৰ পূৰ্বে বাঁহ খেৰে নিৰ্মিত ঘুমটিৰ দোকান খনেই তেওঁৰ উপাৰ্জনৰ থল আছিল যদিও, সম্প্ৰতি সেইখনো হৈ পৰে বন্ধ ৷ যাৰ বাবে শাৰিৰীক অসুস্থতা আৰু আৰ্থিক অনাটনে সংকটত পেলাইছে অকলশৰীয়া লোকজনক ৷

শাৰিৰীক অসুস্থতা আৰু আশ্ৰয়হীনতাই জুৰুলা কৰা এগৰাকী লোক

গুৰুতৰভাৱে অসুস্থ লোকজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে গাঁওখনৰে কেইগৰাকীমান যুৱক ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, তিলক দাস নামৰ লোকগৰাকী বঞ্চিত হৈ আহিছে চৰকাৰে আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে লোৱা যিকোনো আঁচনিৰ পৰাই ৷ সেয়েহে আশ্ৰয়হীন তথা অসুস্থ লোক গৰাকীক সহায়ৰ বাবে সম্প্ৰতি চৰকাৰলৈ আহ্বান জনাইছে গাঁৱৰ যুৱকসকলে ৷

লগতে পঢ়কঃ পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.