নগাঁও,11 নৱেম্বৰ: নগাঁৱৰ দেৱালত জিলিকিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন-পাপন । ৰাজহুৱা স্থান পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত এক জন সচেতনতা অনাৰ প্ৰয়াসৰে হাতত ৰং-তুলিকা তুলি লৈছে নগাঁৱৰ ৰাইদিঙীয়া মৃদুপৱন বৰা নামৰ যুৱকজনে ।
সৰুৰে পৰা ছবি আঁকি ভালপোৱা মৃদুপৱনে বন্ধু ভাস্কৰ বৰা আৰু গৌতম বৰাৰ সহযোগত ৰাজহুৱা স্থানৰ দেৱালত অংকন কৰিছে জুবিন-পাপনৰ ছবি । নগাঁৱৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ বাইপাচৰ এটি সৰু টানেলৰ দেৱালত এতিয়া জিলিকিছে অসমৰ দুই শিল্পী জুবিন আৰু পাপন । প্ৰায় এসপ্তাহৰ শ্ৰমৰ অন্তত সম্পূৰ্ণ হৈ উঠিছে এই ছবি ।
লগতে চাওকঃ জু-ৰোডৰ সুহানী টাইলচত জিএমচিৰ তলা