ETV Bharat / state

ধিঙত পথ নিৰ্মাণত পঞ্চায়তৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

লাহৰিঘাট ব্ল’কৰ অন্তৰ্গত গাঁও পঞ্চায়তত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ অমৰাগুৰি গাঁৱৰ 2 নং ৱার্ডৰ পথটো নিৰ্মাণত কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ আঙুলি টোৱাইছে স্থানীয় ৰাইজে ৷

author img

By

Published : Nov 18, 2020, 1:26 PM IST

dhing panchayat corruption
ধিঙত পথ নিৰ্মাণত পঞ্চায়তৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ধিং,18 নৱেম্বৰ : ধিঙৰ লাহৰিঘাট ব্ল’কৰ অন্তৰ্গত গাঁও পঞ্চায়তত উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ কৰা অমৰাগুৰি গাঁৱৰ 2 নং ৱার্ডৰ পথটো নিৰ্মাণত কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ আঙুলি ।

অভিযোগ অনুসৰি, চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ কৰা পথটোৰ বাবে চৰকাৰে আৱণ্টন দিছিল মুঠ 11 লাখ 49 হাজাৰ টকা । চৰকাৰী নীতি-নিয়ম ভংগ কৰি পঞ্চায়তৰ নিৰ্দেশ মৰ্মে কনিষ্ঠ অভিযন্তাই নিজ ইচ্ছানুসাৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

নিম্নমানৰ নামমাত্ৰ বালি-শিল ব্যৱহাৰ কৰি গাঁওখনৰ এই পথটো নিৰ্মাণ কৰি সমুদায় আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে । এই সন্দৰ্ভত ৰাইজে বাৰম্বাৰ অভিযোগ কৰা স্বত্বেও বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, চৰকাৰী নীতি-নিয়ম মতে, আঁচনিখন মঞ্জুৰী দিয়াৰ পাচত সেই আঁচনিৰ আশে-পাশে চুবুৰীয়াক মাতি এখন নিৰ্মাণ কমিটি গঠন কৰিব লাগে যদিও আনুষ্ঠানিকভাৱে কোনো নিৰ্মাণ কমিটি গঠন নকৰি পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে তেওঁৰ বাসগৃহত নির্মাণ কমিটি গঠন কৰে ।

লগতে পঢ়ক : দৰঙত আলোচনা প্ৰন্থী আলফা নেতাৰ বিৰুদ্ধে খিলিঞ্জীয়া অসমীয়াৰ ভূমি বেদখলৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.