ETV Bharat / state

Junmoni Rabha death case: প্ৰণৱ দাসে মিছা মাতিছে নেকি ?

দিনক দিনে ৰহস্য ঘন হৈ পৰিছে পৰিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া (Junmoni Rabha accident) ৷ কেঁচু খান্দোতে এতিয়া সাপ উলোৱাৰ উপক্ৰম হৈছে ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে অন্য এক তথ্য ৷ নিজকে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ চাক্ষুক প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসে উক্ত দিনা চলোৱা নাছিল AS১২CC০৬৫৭ নম্বৰৰ মেজিক বাহনখন (Eye witness of Junmoni Rabha death accident) ৷

author img

By

Published : May 20, 2023, 6:54 PM IST

Eye witness of Junmoni Rabha death accident
দিনক দিনে ৰহস্য ঘন হৈ পৰিছে পৰিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া

কলিয়াবৰ, ২০ মে’ : ক্ৰমাৎ ৰহস্যৰ মাজলৈ সোমাই গৈছে SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা (Junmoni Rabha accident) ৷ প্ৰতিদিনেই পোহৰলৈ আহিছে এই ঘটনাৰ ন ন তথ্য ৷ CID য়েও ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ অৱশ্যে সদ্য প্ৰয়াত SI ৰাভাৰ মৃত্যুৰ ঘটনাটো তদন্তৰ বাবে CID ৰ পৰা CBI হৈ স্থানান্তৰ কৰা হৈছে ৷

ইয়াৰ মাজতে ঘটনা সংক্ৰান্তত পোহৰলৈ আহিছে আন এক তথ্য ৷ নিজকে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ চাক্ষুক প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসৰ সন্দৰ্ভত পোহৰলৈ আন এক তথ্য ৷ প্ৰণৱ দাসে মিছা মাতিছে বুলি এইবাৰ অভিযোগ কৰিছে প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিক বাহনখনৰগৰাকী মমী বৰাই ৷ লগতে সাংবাদিকৰ আগত কেতবোৰ মন্তব্যও কৰিছে বাহনখনৰগৰাকীয়ে ৷

মমী বৰাই উল্লেখ কৰা অনুসৰি, সদ্য প্ৰয়াত SI জোনমণিৰ মৃত্যুৰ নিশা প্ৰণৱ দাসে চলোৱা নাছিল AS১২CC০৬৫৭ নম্বৰৰ মেজিক বাহনখন (Eye witness of Junmoni Rabha death accident) । উক্ত দিনা গৰাকীৰ লগতে আছিল বাহনখন ৷ উক্ত ঘটনাৰ পূৰ্বে অৰ্থাৎ সোমবাৰে দিনৰ ভাগত প্ৰথমে শিলগুটি কঢ়িয়াই আনিছিল বাহনখনে ।

লগতে পঢ়ক : Junmoni Rabha accident:জোনমণিৰ মৃত্যুৰ তদন্ত চি বি আইক অৰ্পণ ; নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি

CCTV ফুটেজত মণি বৰাৰ বাহনখনৰ লগতে মণি বৰাৰ দৃশ্য ইতিমধ্যে যোগান ধৰিছে শিল বিক্ৰী কৰা প্ৰতিষ্ঠানটোৱে । তাৰ পাচত ৰাজহুৱা বিতৰণ সেৱাৰ এখন দোকানৰ পৰা চাউল আনিছিল বাহনখনৰে (Owner of magic claimed Pranab Das did not drive it) ।

ইয়াৰ পাচত বিয়লি প্ৰায় ৭:৩০ বজাত কলিয়াবৰৰ পৰা বোকাখাটলৈ বাহনখনৰ গৰাকীয়ে শিলগুটিসহ লৈ গৈছিল বাহনখন । AS১২CC০৬৫৭ নম্বৰৰ মেজিক বাহনখনৰ গৰাকীয়ে উল্লেখ কৰা অনুসৰি, যাত্ৰা পথত জখলাবন্ধাৰ নচিব অটো ইলেকট্ৰিকছ নামৰ এখন প্ৰতিষ্ঠানত বাহনখনৰ লাইট ঠিক কৰিছিল । তাৰ পাচত বোকাখাট পাইছিল নিশা প্ৰায় ১০ বজাত ।

মেজিক বাহনখনৰ গৰীকীৰ এই ভাষ্যৰ পাচতে বিভিন্ন মহলত ন ন প্ৰশ্নৰ উদ্ভাৱন হৈছে ৷ আনকি প্ৰণৱ দাসৰ সেই ভাষ্যই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Pranab Das at Jakhaoabandha : কিয় আৰক্ষীয়ে ঘৰলৈ যাবলৈ অনুমতি দিয়া নাই প্ৰণৱক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.