ETV Bharat / state

প্ৰথমবাৰৰ বাবে এজাক অনাথ শিশুৰ কলৰৱত মুখৰিত হ’ল কলঙৰ পাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 5:02 PM IST

Orphan childrens celebrates Bihu : এজাক অনাথ শিশু আৰু কিশোৰ-কিশোৰী । অনাথ আশ্ৰমৰ চাৰিবেৰৰ মাজতে থাকিব লাগে সীমাবদ্ধ হৈ । কিন্তু এটা দিনৰ বাবে হ’লেও অনাথ আশ্ৰমৰ চাৰিবেৰ অতিক্ৰমী এক আনন্দ উৎসৱৰ পৰিৱেশত সক্ষম হ'ল নিজকে বিলীন কৰিবলৈ । ভোগালী উৎসৱ উপভোগ অনাথ শিশুৰ ৷

Orphan childrens celebrates Bogali Bihu in Nagaon
অনাথ শিশুৰ কলৰৱত মুখৰিত হ’ল নগাঁৱৰ কলঙৰ পাৰ

নগাঁও, 18 জানুৱাৰী : এজাক অনাথ শিশুৰ কলৰৱত মুখৰিত হ'ল কলঙৰ বাকৰি নেহৰুবালি । পখিলা খেদা বয়সতেই যেন জীৱনৰ সকলো ৰং হেৰুৱাই পেলাইছিল এইজাক শিশু, কিশোৰ, কিশোৰীয়ে । বৰ্তমান তেওঁলোকৰ স্থায়ী ঠিকনা নগাঁৱৰ অনাথ আশ্ৰম । বিহু, পূজা আদি সকলো উৎসৱেই উদযাপন কৰে অনাথ আশ্ৰমৰ চাৰিবেৰৰ মাজত ।

হয়তো তেওঁলোকৰো মন যায় আশ্ৰমৰ চাৰিবেৰ অতিক্ৰমী আন শিশুসকলৰ দৰে ওমলিবলৈ, তেওঁলোকৰো হয়তো মন যায় বাহিৰত ঘূৰি ফুৰি আনন্দ উৎসৱ উপভোগ কৰিবলৈ । কিন্তু সেই সকলোবোৰ যেন কেৱল এক সপোনহে তেওঁলোকৰ বাবে । বুধবাৰে বিয়লি হঠাৎ নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালিত চলি থকা ভোগালী উৎসৱত কিছু সময়ৰ বাবে হ’লেও তেওঁলোকে নিজকে বিলীন কৰিলে ৰং-ৰহইচৰ মাজত ৷

এয়া কেৱল সম্ভৱ হৈছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও ভোগালী উৎসৱৰ কাৰ্যকৰী সভাপতি ৰূপক শৰ্মাৰ মহানুভৱতাৰ বাবেই । বিধায়ক ৰূপক শৰ্মাই নিজ পৰিয়ালৰ সৈতে ভোগালী উৎসৱ উপভোগ কৰাৰ উপৰিও বুধবাৰে বিয়লি নিজকে ব্যস্ত ৰাখিলে এইসকল শিশু, কিশোৰ-কিশোৰীৰ সৈতে ।

ভোগালী মেলাত অস্থায়ীভাৱে নিৰ্মাণ কৰা জনজাতীয় গাঁৱৰ প্ৰতিটো ঘৰ চিনাকি কৰি দিয়াৰ লগতে ভোগালী উৎসৱৰ ভোগালী মেলাৰ প্ৰতিবিধ খেলৰ সামগ্ৰীৰে খেল-ধেমালিৰে কিছু সময় অতিবাহিত কৰিবলৈ শিশুসকলক ব্যৱস্থা কৰি দিয়ে বিধায়কগৰাকীয়ে । আনকি মেলাৰ চকৰি আদিতো শিশুসকলক লগত লৈ এপাক ঘূৰিলে বিধায়ক ৰূপক শৰ্মাই ।

বিধায়কগৰাকীৰ প্ৰচেষ্টাত কিছু সময়ৰ বাবে হ’লেও ভোগালী উৎসৱৰ আনন্দত ভাগ ল’বলৈ পায় উৎফুল্লিত শিশুসকলে বিধায়ক ৰূপক শৰ্মাক জনালে ধন্যবাদ । আনকি এইসকল শিশু, কিশোৰ-কিশোৰীৰ সৈতে উৎসৱৰ বতৰত কিছু সময় অতিবাহিত কৰিবলৈ পাই সুখী বিধায়ক ৰূপক শৰ্মাও ।

মুঠৰ ওপৰত বুধবাৰে সন্ধিয়ালৈকে এজাক অনাথ শিশু, কিশোৰ-কিশোৰীৰ কলৰৱত যেন মুখৰিত হৈ পৰিল কলঙৰ পাৰ ।

লগতে পঢ়ক : পাহাৰৰ পৰা নামিল মামা-মামী; তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পৰম্পৰাগত জোনবিল মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.