কলিয়াবৰ,29 মে’: ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ কলিয়াবৰ আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ শুকুৰবাৰে নিশা কলিয়াবৰত জখলাবন্ধা আৰক্ষী নিৱেশৰ আৰক্ষী বিষয়া উদয়ক বসুমতাৰীৰ নেতৃত্বত চলা এক অভিযানত কৃষ্ণমণি দাস আৰু আমিৰ হামজা নামৰ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, বিগত 28 এপ্ৰিলত আৰক্ষীৰ চকুত ধূলি দি পলাই যোৱা ড্ৰাগছ সৰবৰাহকাৰী কৃষ্ণমণি দাস আৰু আমিৰ হামজা আৰক্ষীৰ জালত পৰে । দুয়োৰে বিৰুদ্ধে দীৰ্ঘদিন ধৰি কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছৰ অবৈধ সৰবৰাহত জড়িত থকাৰ এক অভিযোগ উত্থাপন হৈ আহিছিল ৷ এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কৃষ্ণমণি দাসক শুকুৰবাৰে নিশা জখলাবন্ধাৰ শেনচোৱাৰ নিজ ঘৰৰ পৰা কৰায়ত্ত কৰে আৰক্ষীয়ে ।
কৃষ্ণ দাসে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে, চামগুৰিৰ বগামুৰৰ ৰুবুল ইছলামৰ পৰা ব্ৰাউন চুগাৰ আনি জখলাবন্ধাত বিক্ৰী কৰি আহিছিল । তদুপৰি, বহুকেইজন ড্ৰাগছ সেৱনকাৰীৰ নাম আৰক্ষীৰ আগত অৱগত কৰে কৃষ্ণ দাসে ।
আনহাতে, কৰায়ত্ত হোৱা বগামূৰৰ আমিৰ হামজাক ইয়াৰ পূৰ্বে ড্ৰাগছ সৰবৰাহ কাণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । হামজায়েও চামগুৰিৰ বৰমাৰ মফিদুল ৰহমানৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰি বিক্ৰী কৰি আহিছিল কৃষ্ণমণি দাসক ৷ উল্লেখ্য যে, এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: তিনিদিন ধৰি বিদ্যুতে জ্বলা-কলা খুৱাইছে হেলেমবাসীক