কলিয়াবৰ, 27 এপ্ৰিলঃ অনলাইন শাক-পাচলি ক্ৰয়ৰ বাবে কলিয়াবৰত ৱেব পেজ মুকলি ৷ লক ডাউনৰ সময়ত প্ৰয়োজনীয় শাক-পাচলিৰ বাবে ৰাইজৰ মাজত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই পেজটো মুকলি কৰা হয় ৷ কলিয়াবৰৰ জমখলা গাঁৱৰ বিশিষ্ট খেতিয়ক মোহিত কুমাৰ শইকীয়াৰ ব্যক্তিগত তৎপৰতাত তথা কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত মুকলি কৰা হয় এই পেজটো ৷ সোমবাৰে ৱেপ পেজটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ জল সম্পদ,বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই । Kalangvalley.com নামৰ ৱেব পেজটো মুকলি কৰি খেতিয়কজনৰ এই প্ৰয়াসৰ শলাগ লয় মন্ত্ৰী কেশৱ মহন্তই ৷
উল্লেখ্য যে,অনলাইন ধন পৰিশোধৰ ব্যৱস্থা ৱেব পেজটোৰ লগতে অনতি পলমে এক 'এপ' মুকলি কৰাৰ কথাও জানিবলৈ দিয়ে মোহিত কুমাৰ শইকীয়াই ৷ কলিয়াবৰ মহকুমা কাৰ্য্যালয়ৰ সভাগৃহত অনুষ্ঠিত মুকলি অনুষ্ঠানৰ আঁত ধৰে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি আৰু নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেঁওগে।
লগতে পঢ়ক-প্লাজমা দান ৰক্তদানৰ দৰেই মহান