ETV Bharat / state

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাত মৃত্যু কাৰাৰুদ্ধ সন্দেহজনক বাংলাদেশীৰঃ উত্তপ্ত কলিয়াবৰ

author img

By

Published : May 12, 2019, 11:26 PM IST

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাত এগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি কলিয়াবৰৰ পূৱ-শুৱালনী অঞ্চলত ৷ ঘটনাস্থলীত মোতায়েন আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ লোক ৷

এগৰাকী লোকৰ মৃত্যুক লৈ উত্তপ্ত কলিয়াবৰ

কলিয়াবৰ, 12 মে' : তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাত এগৰাকী লোকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি কলিয়াবৰৰ পূৱ-শুৱালনী অঞ্চলত ৷ বাংলাদেশীৰ সন্দেহত প্ৰায় চাৰিবছৰ পূৰ্বে কলিয়াবৰ মহকুমা প্ৰশাসনে গ্ৰেপ্তাৰ কৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা বাসুদেৱ বিশ্বাস নামৰ লোকজনৰ মৃত্যুক লৈ দেওবাৰে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ 1947 চনৰ উপযুক্ত নথি-পত্ৰৰ লগতে 1966 চনৰ ভোটাৰ তালিকাত নাম থকাৰ পাচতো লোকজনক কাৰাগাৰত ৰাখি বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি অহাৰ অভিযোগ মৃত লোকজনৰ পৰিয়ালৰ ৷

এগৰাকী লোকৰ মৃত্যুক লৈ উত্তপ্ত কলিয়াবৰ

ইপিনে গোচৰ চলি থকা অৱস্থাতে শনিবাৰে বাসুদেৱৰ আকস্মিক মৃত্যু হোৱাৰ পাচত আৰক্ষীয়ে দেওবাৰে বিয়লি মৃতদেহ পৰিয়ালৰ লোকক চমজি দিবলৈ আহি সন্মুখীন হয় আহুকলীয়া পৰিস্থিতিৰ । স্থানীয় ৰাইজে মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ কৰাৰ লগতে অঞ্চলটোৰ পৰা বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ কৰি নিয়া আনকেইগৰাকী গঞাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী তোলে । আনহাতে কাৰাগাৰত মৃত্যু হোৱা বাসুদেৱ বিশ্বাস পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণৰো দাবী তোলে স্থানীয় ৰাইজে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত কলিয়াবৰ মহকুমা প্ৰশাসনে ঘটনাস্থলীত মোতায়েন কৰে আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ লোক ।

Intro:সন্দেহযুক্ত বাংলাদেশী বুলি ধৃত এজনলোকৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাত মৃত্যু

উত্তপ্ত কলিয়াবৰৰ পূৱ-শুৱালনী অঞ্চল

চাৰিবছৰ পূৰ্বে বাসুদেৱ বিশ্বাস নামৰ লোকজনক বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল

কলিয়াবৰ মহকুমা প্ৰশাসনে ঘটনাস্থলীত মোতায়েম কৰিছে আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ লোকBody:সন্দেহযুক্ত বাংলাদেশী বুলি ধৃত এজনলোকৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰাত মৃত্যুক কেন্দ্ৰ কৰি দেওবাৰে বিয়লি উত্তপ্ত হৈ পৰে কলিয়াবৰৰ পূৱ-শুৱালনী অঞ্চল। প্ৰায় চাৰিবছৰ পূৰ্বে বাসুদেৱ বিশ্বাস নামৰ লোকজনক বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। কিন্তু গোচৰ চলি থকা অৱস্থাতে শনিবাৰে বাসুদেৱৰ আকস্মিক মৃত্যু হোৱাৰ পাছত আৰক্ষীয়ে দেওবাৰে বিয়লি মৃতদেহ পৰিয়ালৰ লোকক চমজি দিবলৈ আহি সন্মুখীন হয় আহুকলীয়া পৰিস্থিতিৰ। স্থানীয় ৰাইজে মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ কৰাৰ লগতে দাবী তোলে অঞ্চলটোৰ পৰা বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ কৰি নিয়া আনকেইজন গঞাৰ বিনা চৰ্তে মুক্তি দিয়াৰ। লগতে কাৰাগাৰত মৃত্যু হোৱা বাসুদেৱ বিশ্বাস পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপুৰণৰ দাবী স্থানীয় লোকৰ। ঘটনাক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি । কলিয়াবৰ মহকুমা প্ৰশাসনে ঘটনাস্থলিত মোতায়েম কৰে আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ লোক। ঘটনাস্থলিত উপস্থিত কলিয়াবৰৰ দুগৰাকী কাৰ্যবাহী দণ্ডাধীশ।
Conclusion:visuals/bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.